নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয়-চতুর্থবর্গৰ পদৰ আবেদনৰ দিন ৭ জুনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩০ মে’:  ৰাজ্য চৰকাৰে বিজ্ঞাপন প্রকাশ কৰা প্রায় ২৬ হাজাৰ তৃতীয় আৰু চতুর্থবর্গৰ পদৰ বিপৰীতে আবেদনৰ অন্তিম সময়সীমা এসপ্তাহ বৃদ্ধি কৰা হৈছে৷ অহা ৭ জুন পর্যন্ত প্রার্থীসকলে এই পদসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব৷ ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগে আবেদনৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে৷

পূর্বে তৃতীয় আৰু চতুর্থবর্গৰ পদসমূহত আবেদন কৰাৰ অন্তিম দিন ৩১ মে’ ধার্য কৰা হৈছিল৷ উল্লেখ্য যে যোৱা ২৫ মার্চত ১৩,১৪১টা তৃতীয়বর্গ আৰু ১৩,৩০০টা চতুর্থবর্গৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল চৰকাৰে৷ শিক্ষাগত অর্হতা আৰু অন্যান্য যোগ্যতাৰ লগতে পদসমূহত আবেদনৰ বাবে প্রার্থীসকলে নিয়োগ বিনিময় কেন্দ্রৰ অনলাইন নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ অনলাইন নাম পঞ্জীয়ন বাধ্যতামূলক কৰাৰ লগে লগে পদসমূহত আবেদন কৰিব বিচৰা প্রার্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ কিয়নো ছার্ভাৰ ডাউনকে ধৰি অন্যান্য কাৰিকৰী বিজুতিৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা যুঁজিও নিবনুৱাসকলে অনলাইনযোগে নাম পঞ্জীয়নত ব্যর্থ হৈছে৷

আধাৰ কার্ডসহ নাম পঞ্জীয়ন কৰিবলৈ চেষ্টা কৰা প্রার্থীসকলে ম’বাইল নম্বৰ অনলাইন ফর্মত অন্তর্ভুক্ত কৰাৰ পছতো অ’ টি পি লাভ কৰিবলৈ সক্ষম নহয়৷ বহু সময়ত প্র–পত্র পূৰণৰ পাছত দাখিল কৰাৰ সময়ত ‘টাইম আউট’ দেখুৱায়৷ সেইদৰে বহু প্রার্থীয়ে অনলাইন প্র–পত্রৰ সৈতে শিক্ষাগত অর্হতাৰ প্রমাণ–পত্রসমূহ আপলোড কৰিবলৈ সক্ষম হোৱা নাই৷ মুঠতে কাৰিকৰী বিজুতিৰ বাবে নিয়োগ বিনিময় কেন্দ্রত লাখ লাখ নিবনুৱাই নাম পঞ্জীয়ন কৰাত ব্যর্থ হৈছে৷

যাৰ ফলত এই নিবনুৱা যুৱক–যুৱতীসকলে ২৬ হাজাৰ পদত আবেদন কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে৷ ইয়াক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগে পদসমূহৰ আবেদনৰ সময় এসপ্তাহলৈ বৃদ্ধি কৰিছে৷ কিন্তু আবেদনৰ সময়সীমা বৃদ্ধি কৰিলেও নিয়োগ বিনিময় কেন্দ্রত অনলাইন নাম পঞ্জীয়নত সৃষ্টি হোৱা জটিলতা আৰু বিজুতি দূৰ নহ’লে নিবনুৱা যুৱক–যুৱতীসকলে যে লাভান্বিত নহ’ব, সেয়া নিশ্চিত৷ সেয়েহে নিয়োগ বিনিময় কেন্দ্রত অনলাইন নাম পঞ্জীয়নৰ ক্ষেত্রত সৃষ্টি হোৱা কাৰিকৰী বিজুতি শীঘ্রে দূৰ কৰিবলৈ চাকৰিপ্রত্যাশীসকলে দাবী উত্থাপন কৰিছে৷

You might also like