নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত এদিনীয়া ৰেপিড দবা প্ৰতিযোগিতা; বিভিন্ন জিলাৰ ৮১ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ৩০ মে’: বৰহোলা দবা একাডেমীৰ উদ্যোগত প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু যোৰহাট জিলা দবা সন্থাৰ সহযোগত বৰহোলাত দেওবাৰে অনুষ্ঠিত হয় এদিনীয়া ৰেপিড দবা প্ৰতিযোগিতা। প্ৰতিযোগিতাখন পুৱাতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সমাজকৰ্মী বিবুল হাজৰিকাই। উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে বৰহোলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অমল সোণোৱালে। ৰাজ্যৰ বিভিন্ন জিলাৰ ৮১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন মুঠ সাতটা ৰাউণ্ডত সম্পন্ন হয়।

প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সঞ্চালকদ্বয় অচ্যুত দীপ শইকীয়া আৰু অপূৰ্ব ডেকা, সদৌ অসম দবা সন্থাৰ মণ্ডলিক সম্পাদক পল্লৱ গোহাঁই, যোৰহাট জিলা দবা সন্থাৰ সভাপতি প্ৰতুল গগৈ, সম্পাদক মাধুৰ্য ভৰালী আদি উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে। প্ৰতিযোগিতাখনত অৰবিটাৰ হিচাপে আছিল মানিক দণ্ড আৰু অপূৰ্ব সোণোৱাল। প্ৰতিযোগিতাত মুক্ত শাখাত চেম্পিয়ন হয় ডিব্ৰুগড়ৰ চেনিৰাম পেগু, দ্বিতীয় বোকাজানৰ ৰিণ্টু ব্ৰহ্ম, তৃতীয় তিনিচুকীয়াৰ য়ুৱান দাস, চতুৰ্থ অভিজ্ঞান গোস্বামী, পঞ্চম মণিমোহন সিং, ষষ্ঠ পাৰ্থ প্ৰতীম গগৈ। আঠ বছৰৰ অনুৰ্ধত প্ৰথম চায়েদ শ্বাবাজ ফাৰহান, দ্বিতীয় দিম্পল শইকীয়া। ১০ৰ অনুৰ্ধত প্ৰথম অভিশেষ বৰদলৈ, দ্বিতীয় আস্থাজিতা দাস। ১২ৰ অনুৰ্ধত প্ৰথম আৰন দত্ত, দ্বিতীয় অনাংগ হৰ্ষ বৰঠাকুৰ, ১৪ৰ অনুৰ্ধত প্ৰথম ময়ুৰ কৃষ্ণ হাজৰিকা, দ্বিতীয় আশ্ৰিক শিৱম, ১৬ৰ অনুৰ্ধত প্ৰথম ৱাইনী ঠেঙাল, দ্বিতীয় সৰস্বত ৰাজ ৰিথম।

প্ৰতিবেদক : অজয় শইকীয়া, নগাবাট

You might also like