গহপুৰৰ লেখিকা, শিক্ষাবিদ ৰেণু শইকীয়া বৰাৰ “চন্দ্ৰকুমাৰ আগৰৱালা” শীৰ্ষক গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ৩০ মেঃ গহপুৰ মহকুমাৰ পূৱ ব্ৰহ্মাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা সুলেখিকা ৰেণু শইকীয়া বৰাৰ “চন্দ্ৰকুমাৰ আগৰৱালা” শীৰ্ষক শেহতীয়া গ্ৰন্থখন যোৱা ১৫ মে’ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।
উল্লেখ্য যে বিগত প্ৰায় চাৰিটা দশক ধৰি অবিৰত ভাবে সাহিত্য চৰ্চা কৰি ইতিমধ্যে একাধিক গ্ৰন্থ প্ৰণয়ন কৰা ৰেণু শইকীয়া বৰাই বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা, বৰঙাবাৰীৰ কনকলতা শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰীসহ বিভিন্ন সাহিত্য- সংস্কৃতিমূলক অনুষ্ঠানৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি গহপুৰ মহকুমাৰ সাহিত্যৰ ক্ষেত্রখনলৈ বিশেষ অৰিহণা আগবঢ়াই আহিছে। “গতি অসম”ৰ দ্বাৰা প্ৰকাশিত অসমৰ জীৱনীমালাত অন্তৰ্ভুক্ত ৰেণু শইকীয়া বৰাৰ উক্ত গ্ৰন্থখন ১০০ গৰাকী লেখক- লেখিকাৰ দ্বাৰা লিখিত এশখন শিশু গ্ৰন্থৰ লগত সমূহীয়া ভাবে উন্মোচন কৰে বিশিষ্ট লেখিকা বন্দিতা ফুকনে। গহপুৰ মহকুমাত এগৰাকী সুলেখিকা হিচাপে সুপৰিচিত ৰেণু শইকীয়া বৰাৰ শেহতীয়া গ্ৰন্থখনেও পূৰ্বৰ গ্ৰন্থসমূহৰ দৰেই পঢুৱৈ ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে।