চৰাইদেউৰ উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন
বিশেষ বাৰ্তা, ৩০ মে’: চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে অহা ১০ আৰু ১১ জুনত তেজপুৰত অনুষ্ঠিত হ’বলগীয়া উপায়ুক্ত সকলৰ সন্মিলনত চৰাইদেউ জিলাৰ উপায়ুক্ত হিচাপে তেওঁ দাঙি ধৰিবলগীয়া জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজ তথা জিলাখনৰ উন্নয়নৰ খতিয়ান পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি বৈঠকত আগবঢ়ায়। তেওঁ বিভিন্ন খণ্ড তথা বিষয় যেনে- আধাৰ নম্বৰৰ সংযোজন, ধান ক্ৰয় প্ৰক্ৰিয়া, জল জীৱন মিছন, সাধাৰণ প্ৰশাসনিক বিভাগ সম্পৰ্কীয় বিষয়, মিছন বসুন্ধৰা, কৃষি, স্বাস্থ্য খণ্ড, ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া, সমাজ কল্যাণ, লোকনিৰ্মান (পথ), পৰিবহন, আৱকাৰী, মীন, জলসিঞ্চন ইত্যাদি বিভাগৰ সফলতাৰ বিস্তাৰিত প্ৰতিবেদন আগবঢ়াই সংশ্লিষ্ট বিভাগ সমূহক এই ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য সংযোজন কৰিব লগীয়া থাকিলে জনাবলৈ কয়। উপায়ুক্ত গৰাকীয়ে বিভাগীয় বিষয়া সকলক বৰ্তমানে ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰাৰ লগতে কাম- কাজৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়া, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক দীপাংকৰ পাল