ৰূপহীহাটৰ ফাকলি পঞ্চায়তত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক দুৰ্নীতি
নিয়মীয়া বাৰ্তা, ৩১ মেঃ দুৰ্নীতিয়েই এতিয়া নীতি হৈছে ৰূপহীহাট উন্নয়ন খণ্ডত ৷ ৰূপহীহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ফাকলি গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । এই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিলে পঞ্চায়তটোৰ অন্তৰ্গত আঁচনিখনৰ কেইবাগৰাকীকৈ হিতাধিকাৰীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সমূহ বিতৰণৰ ব্যাপক হাৰত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী সকলে। পঞ্চায়তটোৰ অন্তৰ্গত ১নং ফাকলি গাঁৱত ধন দিয়াৰ পিছতহে টকা মোকোলাই দিয়ে অন্যথা জবকাৰ্ডৰ টকাত খেলিমেলি কৰাৰ গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ। ফাকলি পঞ্চায়তটোত এই সমূহ দুৰ্নীতি সংঘটিত কৰিছে ৱাৰ্ড সদস্য তাইজুল ইছলামৰ লগতে পঞ্চায়তটোৰ সমন্বয়ক নুৰ হুছেইন দুৰ্নীতি জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰী সকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাক আওকাণ কৰি কেনেকৈ চলাই গৈছে এই সমূহ দুৰ্নীতি ।পঞ্চায়তটোত সংগঠিত হোৱা দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
প্ৰেৰক জহিৰুল ইছলাম