নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰচেষ্টা হাতত লৈছেঃ কৃষিমন্ত্ৰী অতুল বৰা

নিয়মীয়া বার্তা, ৩১ মে: সমগ্ৰ দেশৰ লগতে আজি হোজাই জিলা প্ৰশাসনে আয়োজন কৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ সন্মিলন। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনকল্যাণ আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে মত-বিনিময় আৰু প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ (পিএম-কিষাণ) অধীনত ১০ কোটিৰো অধিক কৃষকলৈ ২১,০০০ কোটি টকাৰ ১১ সংখ্যক কিস্তি হস্তান্তৰকৰণ অনুষ্ঠান উপলক্ষে হোজাই দেশ বন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী ভৱন প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠ।নত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কৃষি পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰি থকা আঁচনি সমূহৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈ আহিছে বুলি উল্লেখ কৰে ৷ তেওঁ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা আঁচনি সমূহ গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ আজিৰ এই অনুষ্ঠানত চৰকাৰে বান পৰিস্থিতিৰ পাচত ৰাইজৰ সুস্থ সবল ভাবে জীয়াই থকাৰ উদ্দেশ্যৰে লোৱা আঁচনি সমূহ সন্দৰ্ভত জনাৰ বাবে যি ভাৰ্চুৱেল সভাত উপস্থিত সহস্ৰাধিক হিতাধিকাৰী সকলক আদৰণী জানাই আদৰণি ভাষণৰ পিছত আৰম্ভ কৰা অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ ওপৰত আলোকপাত কৰে মন্ত্ৰী বৰাই ৷ অনুষ্ঠানত হোজাই জিলা উপযুক্ত অনুপম চৌধুৰী , জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থকে ধৰি জিলাখনৰ প্ৰতিটো বিভাগৰ মূৰব্বী বিষয়া সকলৰ লগতে বিভিন্ন পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সকল , অন্যান্য বিষয়ববীয়া সকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা হিতাধিকাৰী সকলে হোজাইৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণৰ পোনপোটীয়া সম্প্ৰচাৰ উপভোগ কৰাৰ লগতে হিমাচল প্ৰদেশৰ চিমলাৰ পৰা সম্প্ৰচাৰ হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্চুৱেল মত বিনিময় অনুষ্ঠানত অংশ লয় ৷ সভাত মুখ্য অতিথি হিচাপে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় – অসমৰ প্ৰায় ২৬ খন জিলা বানত আক্ৰান্ত হৈ কৃষকৰ খেতি মাটি নষ্ট হোৱাৰ লগতে প্ৰায় ১১ হাজাৰ পৰিয়ালৰ ক্ষতিগ্ৰস্থ হৈছে ৷ পাচলিৰ পৰা আৰম্ভ কৰি কৃষকৰ ব্যাপক ক্ষয় ক্ষতি হৈছে , এই ক্ষতি পুৰণ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে ৷ ক্ষয় ক্ষতি হোৱা পৰিয়ালসমূহে ক্ষতিপুৰণ সা সুবিধা পাব ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয়- বানত ৰাস্তা- পদূলি যিবিলাক নষ্ট হৈছে , সেইবালাক যুদ্ধকালিণ ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে আৰু সেইমতে কামো আৰম্ভ হব ৷ মন্ত্ৰী অতুল বৰাই লগতে কয় – আমাৰ দৃঢ় বিশ্বাস ৰাজ্যখনত সকলো ক্ষেত্ৰতে আমোল পৰিৱৰ্তন আহিব আৰু সকলো ৰাইজৰ সহযোগীতা আমি আন্তৰিকতাৰে কামনা কৰিছো ৷ সভাত বিজেপিৰ হোজাই জিলা সভাপতি অনুপ দেৱৰ উপৰিও সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like