নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁও-টেঙাগুৰিত বন বিভাগে বন ধ্বংসৰ অনুমতি দিছে নেকি অবৈধ কাঠফলা মিলক!নিয়মীয়া বাৰ্তাৰ বাতৰিতো গা নলৰিল জিলা বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ২ জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু টেঙাগুৰিকে ধৰি লাহৰীঘাটৰ বিভিন্ন ঠাইত দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি আছে কুৰিটাতকৈ অধিক কাঠফলা মিল ।এই অবৈধ কাঠফলা মিল সমূহত মজুত আছে বহু মূল্যবান চোৰাং কাঠ ।উল্লেখ্য যে,দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা মিলসমূহ চলি থকাৰ পিছত কিছুদিন পূৰ্বে অবৈধ মিল সমূহত কিদৰে মূল্যবান বন ধ্বংস কাৰ্য চলি আছে এই সন্দৰ্ভত নিয়মীয়া বাৰ্তাত সবিশেষ বাতৰি প্ৰকাশ পাইছিল । তাৰ পিছত দুদিন অবৈধ মিল সমূহ বন্ধ আছিল যদিও যোৱা তিনিদিন ধৰি পুনৰ এই অবৈধ মিল সমূহ চলি আছে ।স্হানীয় ৰাইজৰ প্ৰশ্ন কাৰ আৰ্শীবাদত ভূৰাগাঁও আৰু টেঙাগুৰিকে ধৰি লাহৰীঘাটৰ অবৈধ কাঠফলা মিলৰ চকৰি ঘূৰিল ।টেঙাগুৰি বজাৰত তিনিটাকৈ আৰু হাতীলৰুৱা পথাৰত এটাকৈ অবৈধ কাঠফলা মিল দীৰ্ঘদিন ধৰি চলি আছে ।ইয়াৰ উপৰি ভূৰাগাঁৱতো ৭টাকৈ অবৈধ কাঠফলা মিল মুকলিকৈ চলি আছে । আনহাতে অঘৰী বজাৰ ,বৰালিমাৰী ,নগাবন্ধা আৰু লাহৰীঘাটত অবৈধ মিল চলি আছে ।এই অবৈধ মিল সমূহত জিলাৰ লগতে আন আন জিলাৰ পৰাও চোৰাংকৈ মূল্যবান কাঠ আনি তক্তা আৰু বিভিন্ন ধৰণৰ কাঠ তৈয়াৰ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ।এই অবৈধ মিল সমূহে অতি মূল্যবান গছ কাটি তহিলং কৰি আহিছে ।স্হানীয় ৰাইজৰ অভিযোগ মৰিগাঁও জিলা বন বিভাগে এই অবৈধ কাঠফলা মিল সমূহক বন ধ্বংসৰ মৌখিক লাইচেঞ্চ দিছে ।আনকি জিলা বন বিভাগে মোটা অংকৰ ধনৰ বিনিময়ত পুনৰ এই অবৈধ চাৰিটা মিল চলিবলৈ সুবিধা কৰি দিছে ।অন্যথা কাৰ সাহসত এই অবৈধ মিল সমূহ চলি আছে সম্প্ৰতি এইলৈ সৰৱ চৰ্চা চলিছে ।আন এক অভিযোগ মতে জিলা বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে মাহেকীয়া হিচাবত ধন সংগ্ৰহ কৰি এই অবৈধ কাঠফলা মিল সমূহ চলিবলৈ দিছে । আনকি লাহৰীঘাট আৰু ভূৰাগাঁৱত বজাৰ সমূহৰ লগতে জধে মধে অবৈধ ভাৱে কাঠ বিক্ৰী কৰি থকাৰ পিছতো বন বিভাগে চকু মুদা কুলিৰ ভাও লোৱা পৰিলক্ষিত হৈছে ।এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে স্হানীয় ৰাইজে ।

প্ৰেৰক আবুল কালাম

You might also like