বিজনীত লাভ জেহাদঃ ৰাহুল দাস ছদ্মনামেৰে হিন্দু কিশোৰীক পলুৱাই নি আৰক্ষীৰ জালত পৰিল আলিবুল ইছলাম
নিয়মীয়া বাৰ্তা, ২ জুন: ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা।এইবাৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনীত। বিজনীৰ ৩ নং ৱাৰ্ডৰ আমগুৰীত ভাৰাতীয়া হিচাপে থকা এগৰাকী ১৪ বছৰীয়া হিন্দু কিশোৰীক প্ৰেমৰ চলনাৰে পলুৱাই নি ৰঙা ঘৰৰ আলহী হ’ল আলিবুল ইছলাম(18) নামৰ এজন যুৱক। চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত নাঙলভাঙা নিবাসী আলিবুল ইছলামে টমেজ মিউজীক কোম্পানী নামৰ ইউটিউৱ চেনেলৰ জড়িয়তে ৰাহুল দাস নামেৰে হিন্দু যুৱক বুলি পৰিচয় দি কিশোৰী গৰাকীক প্ৰেমৰ জালত পেলায়। সেই সূত্ৰে আলিবুল ইছলামে ২৭ মে’ তাৰিখে প্ৰেমৰ চলনাৰে পলুৱাই নিয়ে কিশোৰী গৰাকীক। কিশোৰী গৰাকী ছয়দিন ধৰি নিৰুদ্দেশ হৈ থকাত কালি কিশোৰী গৰাকীৰ মাতৃ শৈল বালা দাসে বিজনী থানাত এজাহাৰ দাখিল কৰাত বিজনী থানাৰ আৰক্ষীয়ে অতি তৎপৰতাৰে কালি নিশাই নাঙলভাঙা আৰক্ষী চকী আৰক্ষীৰ সহযোগত আলিবুল ইছলামৰ নাঙলভাঙাস্থিত নিজ গৃহৰ পৰাই কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে লাভ জেহাদ কাণ্ডৰ সৈতে জড়িত আলিবুল ইছলাম ওৰফে ৰাহুল দাসক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ আহে। এইক্ষেত্ৰত মাকে দিয়া এজাহাৰৰ ভিত্তিত বিজনীৰ আৰক্ষীয়ে 93/2022 নম্বৰত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে ধৃত আলিবুল ইছলামক।ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ মাতৃয়ে আলিবুল ইছলামৰ উপযুক্ত শাস্তি দাবী কৰে।আনহাতে ৰাষ্ট্ৰীয় বজৰংগ দলৰ তৰফৰ পৰা চৰকাৰক শীঘ্ৰে লাভ জেহাদৰ ওপৰত আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায়।
প্ৰেৰক বৰ্ণালী তালুকদাৰ