নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশাসনৰ বাবে ভাৰতত এটা ভাল বিপক্ষ দলৰ আৱশ্যক !

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ “ভাৰতত সুশাসনৰ বাবে এটা শক্তিশালী আৰু প্রভাৱশালী বিপক্ষ দলৰ আৱশ্যক, যাতে ভাল কামৰ কাৰণে চৰকাৰখনৰ ওপৰত সদায় চাপ সৃষ্টি কৰি ৰাখিব পাৰে ।”- এই গুৰুত্বপূৰ্ণ মন্তব্য নোবেল বঁটা বিজয়ী অভিজিত বেনাৰ্জীৰ ।

‘জয়পুৰ লিটাৰেৰি ফেষ্টিভেল’ৰ এখন সভাত তেওঁ লগতে কয়- “যেতিয়া বিপক্ষ কমক্ষমতাশালি আৰু দুৰ্বল হয় তেতিয়া চৰকাৰখনে যিকোনো কাম নিজৰ ইচ্ছা অনুযায়ী কৰে । যাৰ বাবে জনসাধাৰণে সদায়ে শক্তিশালী বিৰোধীৰ অপেক্ষাত থাকে ।”

ইপিনে ভাৰতীয় অৰ্থব্যৱস্থাটোৰ কথা উল্লেখ কৰি তেওঁ কয় বৰ্তমান ভাৰতীয় আৰ্থিক ক্ষেত্ৰসমূহৰ অৱস্থা অতি সূচনীয় ।

You might also like