নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ খেলুৱৈও পাকিস্তানৰ সৈতে খেলিব বিচাৰে, কোনে ক’লে…

বিশেষ বাৰ্তা, ৩ জুনঃ পাকিস্তানী আৰু ভাৰতীয় ক্ৰিকেটাৰসকলে পৰস্পৰৰ বিৰুদ্ধে খেলিবলৈ অতি আগ্ৰহী। এই মন্তব্য মহম্মদ ৰিজৱানৰ। চুবুৰীয়া দেশ দুখনে যোৱা কিছু বছৰত মাত্ৰ আইচিচি প্ৰতিযোগিতাতহে মুখামুখি হৈছে। দুয়োখন দেশৰ মাজত ৰাজনৈতিক সম্পৰ্ক বেয়া হোৱাৰ ফলত শেষবাৰৰ বাবে দ্বিপাক্ষিক শৃংখলা খেলা প্ৰায় এটা দশক হ’ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে এই আচৰিত মন্তব্য কৰিছে পাকিস্তানী খেলুৱৈজনে। অলপতে ৰিজৱান আৰু ভাৰতীয় টেষ্টৰ কিংবদন্তি চেতেশ্বৰ পূজাৰাই ইংলেণ্ডত একেলগে কাউন্টি ক্ৰিকেট খেলিছিল।কেৱল এয়াই নহয়, পূজাৰাই টুইট কৰি ৰিজৱানৰ জন্মদিনৰ বাবেও অভিনন্দন জনাইছিল। তেওঁ কয় যে পাকিস্তান আৰু ভাৰতৰ ক্ৰিকেটাৰে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে খেলিব বিচাৰে, কিন্তু দেশ দুখনৰ মাজৰ সমস্যা সমাধান কৰাটো খেলুৱৈসকলৰ নিয়ন্ত্ৰণত নাই। উল্লেখনীয় যে দুয়োখন দেশৰ মাজত সীমা বিবাদ আৰু পাকিস্তানৰ পৰা অব্যাহত থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ভাৰতে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলা নাই। লগতে তেওঁলোকৰ খেলুৱৈসকলকো আই পি এলত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই। ৰিজৱানে লগতে কৈছে খেলুৱৈ হিচাপে আমিও বেলেগ নহয়, আমি একেটাই ক্ৰিকেট পৰিয়াল।

You might also like