১জুনৰ পৰা ১৫ জুনলৈ ৰহাত অসম গ্ৰন্থ আৰু বাণিজ্য মেলা
নিয়মীয়া বাৰ্তা, ২ জুন: নগাঁও জিলাৰ ৰহা নগৰত আৰম্ভ হৈছে অসম গ্ৰন্থ আৰু বাণিজ্য মেলা ২০২২। বিগত দুটাকৈ বৰ্ষত মহামাৰী ক’ভিডৰ বাবে স্থগিত ৰখা উক্ত বাণিজ্য মেলাখনি আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰহা ৰাজহ চক্ৰ বিষয়া ড৹ সোণাশ্ৰী ব্ৰহ্মই। ৰহাৰ যুৱ ব্যৱসায়ী গৌতম দাস আৰু ছফিকুল ৰহমানৰ উদ্যোগত ৰহা ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চ প্ৰাঙ্গণত আয়োজিত মেলাখনি এগছি বন্তি প্ৰজ্বলন কৰি ফিটা কাটি উদ্বোধন কৰে ৰাজহচক্ৰ বিষয়া গৰাকীয়ে। বিষয়া গৰাকীয়ে কয় যে- কিছুদিনৰ আগতে ৰহা সমষ্টিৰ বহুখিনি গাঁৱত বানপানীয়ে যথেষ্ট ক্ষতিসাধন কৰিছে। তথাপিও এনে সমস্যাৰ মাজতে ৰহা নগৰত আয়োজিত অসম গ্ৰন্থ আৰু বাণিজ্য মেলাই ব্যৱসায়ী সকলৰ বাবে এক শুভবাৰ্তা কঢ়িয়াই আনিছে বুলি কয়। এই উদ্বোধনী অনুষ্ঠানত ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা, ৱাৰ্ড কমিচনাৰ ভূপেন দাস, সঞ্জীৱ হাজৰিকাৰ লগতে অকণিৰ কবিতাঘৰ অসমৰ প্ৰধান পৰিচালক তথা জেষ্ঠ সাংবাদিক অৱনী কুমাৰ শইকীয়া, ভৱজ্যোতি ডেকা, সম্পাদক ৰন্টু মুদৈ, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ উপদেষ্টা হিমেন নাথ, সম্পাদক নিলোৎপল হাজৰিকা আদি বহু গণ্যমান্য লোক উপস্থিত থাকে।
প্ৰেৰক: ভৱজ্যোতি ডেকা ৰহা