বৰফত শামুক ওলোৱা বৰগাঙৰ শম্ভূ প্ৰামানিৰ অঞ্জলি আইছ ক্ৰীম ফেক্টৰী ১৪ দিনৰ বাবে ছীল
নিয়মীয়া বাৰ্তা, ৩জুনঃ অৱশেষত বৰফৰ ভিতৰত শামুক ওলোৱা বৰগাঙৰ শম্ভূ প্ৰামাণিকৰ অঞ্জলি আইছ ক্ৰীম ফেক্টৰীটোত ১৪ দিনৰ বাবে জিলা প্ৰশাসনে ছীল কৰিলে। উল্লেখ্য যে যোৱা ২৬ মে’ত ফেক্টৰীটোৰ খুচুৰা বিক্রেতাই বিহালী টেলেঙনীয়া গাওঁত বৰফ বিক্ৰী কৰি থকা অৱস্থাত জনৈক শিশুৰ বৰফৰ মাজত শামুক ওলাই আৰু ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি নিয়মীয়া বাৰ্তাকে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ লগতে বিভিন্ন সংগঠন তথা সচেতন ব্যক্তিয়েও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ফেক্টৰীতো বন্ধ কৰাৰ দাবী উত্থাপন কৰিছিল।
আনহাতে ফেক্টৰীটোৰ মালিক শম্ভূ প্ৰামানিকে বিষয়টোক ষড়যন্ত্ৰ আখ্যা দি চালে-বেৰে কোবাই বিষয়টো এৰাই চলিবলৈ যত্ন কৰিছিল আৰু দুই এক দালালেও ইয়াত অৰিহণা যোগাইছিল । পিছে ৰাইজৰ হেঁচাত কালি জিলা প্ৰশাসনৰ ফালৰ পৰা শোণিতপুৰ জিলা খাদ্য সুৰক্ষা বিষয়া চুহেল জামান আৰু বিহালী খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথে ফেক্টৰীটো পৰিদৰ্শন কৰাত বহু নেতিবাচক দিশ উন্মোচিত হয় আৰু তৎকালীন বলবৎ হোৱাকৈ ফেক্টৰীটো ১৪ দিনৰ বাবে ছীল কৰি দিয়ে। সচেতন ব্যক্তি সকলে ১৪ দিনৰ পৰিবৰ্তে ফেক্টৰীতো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পোষকতা কৰিছে কাৰণ বৰফৰ ফেক্টৰী খুলি ওভোতগোৰে নচা এই শম্ভূ প্ৰামানিক জনে আজি ১০-১২ বছৰ ধৰি বৰফৰ নামত ৰাইজক লগতে কণ কণ শিশু সকলক যে বৰবিহ সেৱান কৰাই আহিছিল সেই কথা শেহতীয়া ভাবে বৰফৰ টুকুৰাত শামুক ওলোৱা ঘটনাই প্ৰতীয়মান গৈছে।
প্ৰতিবেদকঃ অমিতাভ বৰুৱা