নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলোংগুৰি চাহ বাগিচাত যক্ষ্মা চিনাক্তকৰণ কেন্দ্ৰ আৰু পৰীক্ষাগাৰ মুকলি

বিশেষ বাৰ্তা, ৩ জুনঃ মৰিয়নিৰ সমীপৰ হোলোংগুৰি চাহ বাগিচাত আজি এটি যক্ষ্মা ৰোগ চিনাক্তকৰণ কেন্দ্ৰ আৰু লগতে প্ৰসূতি আৰু গৰ্ভৱতী মহিলাৰ এক বিশেষ পৰীক্ষাগাৰ মুকলি কৰা হয় । হোলোংগুৰি চাহ বাগিচা কৰ্তৃপক্ষ, বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসা বিষয়া আৰু পিৰামল স্বাস্থ্যৰ উদ্যোগত আৰু যোৰহাট জিলা যক্ষ্মা কেন্দ্ৰ আৰু নকছাৰীৰ মহকুমা স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এই কেন্দ্ৰ আৰু পৰীক্ষাগাৰটো স্থাপন কৰা হৈছে । সম্প্ৰতি বিশেষকৈ চাহ বাগিচা অঞ্চলত বৃদ্ধি পাই অহা যক্ষ্মা ৰোগক সহজে চিনাক্তকৰণ কৰা আৰু প্ৰসূতি আৰু গৰ্ভৱতী মহিলাসকলৰ প্ৰাৰম্ভিক পৰীক্ষা সমূহ যাতে সহজতে কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কেন্দ্ৰ আৰু পৰীক্ষাগাৰটো স্থাপন কৰা হৈছে । আজি পুৱা বন্তি প্ৰজ্বলনৰ অন্তত এই কেন্দ্ৰ আৰু পৰীক্ষাগাৰটোৰ ফিটা কাটি মুকলি কৰে জিলা যক্ষ্মা বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য্য আৰু নকছাৰীৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বীৰু বৰকটকীয়ে । বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসা বিষয়া তথা সুচিকিৎসক ডাঃ খ্ৰীষ্টজ্যোতি বৰা আৰু পাব্লিক প্ৰাইভেট সমন্বয়ক বিজু কামানে আঁ‌ত ধৰা অনুষ্ঠানটোত জিলা যক্ষ্মা বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য্যই চাহ বাগিচা অঞ্চলত হ’ব পৰা যিকোনো সংক্ৰমিত আৰু অসংক্ৰমিত ৰোগ আৰু গৰ্ভৱতী মহিলাসকলৰ প্ৰয়োজনীয় পৰীক্ষা সমূহৰ বাবে সজাগ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে । ইয়াৰ বাবে বাগিচাৰ লাইনে লাইনে সজাগতা অভিযান চলাবলৈও তেওঁ আহ্বান জনায় । আজিৰ অনুষ্ঠানটোত নকছাৰী স্বাস্থ্য খণ্ডৰ বি পি এম মৃনাল ভূঞা, পিৰামল স্বাস্থ্যৰ জিলা আঁ‌চনি বিষয়া দৰথী বৰুৱা, যক্ষ্মা বিভাগৰ চুপাৰভাইজাৰ ৰূপম চুড়ী, যক্ষ্মা লেব’ৰেট’ৰী চুপাৰভাইজাৰ বিনোদ গগৈ আদি কেবাজনো স্বাস্থ্য বিষয়া আৰু স্বাস্থ্য কৰ্মী উপস্থিত থাকে । হোলোংগুৰি চাহ বাগিচাত মুকলি কৰা এই যক্ষ্মাৰোগ চিনাক্তকৰণ কেন্দ্ৰ আৰু প্ৰসূতিৰ স্বাস্থ্য পৰীক্ষাগাৰে অঞ্চলটোৰ ৰাইজক বিশেষভাৱে উপকৃত কৰিব বুলি সচেতন ৰাইজে মতপোষন কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like