বিদ্যালয়ত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা প্ৰচলন আৰু তিনিশ শিক্ষক নিযুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ
নিয়মীয়া বাৰ্তা ৪ জুন: প্ৰাথমিক বিদ্যালয় স্তৰত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা প্ৰচলন কৰা আৰু উক্ত বিদ্যালয়সমূহত তিনিশ শিক্ষক নিযুক্তি দিয়াৰ দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰি দাবী জনাইছে নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী ছাত্ৰ সংস্হা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী গন সংগ্ৰাম পৰিষদে ৷
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা দিৱস উপলক্ষে শিলচৰ চেংকুৰিত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা সদৰী কৰে ছাত্ৰ সংগঠনটোৱে ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাক স্কীকৃতি দিয়াৰ দাবীত ১৯৯৯ চনৰ পৰা এক হাজাৰ এক ঘন্টীয়া আন্দোলনৰ ফলত দহ বছৰ পিচত লাভ কৰিছিল ভাষাৰ স্বীকৃতি ৷ তেতিয়াৰে পৰা প্ৰতিবছৰ ২ জুনত এই ভাষা দিৱস পালন কৰি আহিছে বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে ৷
লক্ষণীয় যে ,ভাষাবিদ ড০ কালী প্ৰসাদ সিং আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা উন্মোচন দিৱসত ১১ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হৈছিল। বৰাক উপত্যকাৰ বিভিন্ন স্থানত উপযুক্ত মৰ্যাদাৰে এই দিৱস পালন কৰা হয়। শিলচৰৰ পশ্চিম কচুদৰমৰ কালিপ্ৰসাদ সিং স্মাৰক কেন্দ্ৰত দিনটো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়।নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সন্থা, গণ পৰিষদৰ সংগ্ৰাম ব্যৱস্থাপনাৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভা, প্ৰাক্তন সৈনিক সন্থা, মহিলা সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিছিল।বিষ্ণুপ্রিয়া মণিপুৰি ভাষা চালু দিৱস আৰু ডঃ কালীপ্রসন্ন সিংহৰ মৃত্যুবার্ষিকীৰ তাৎপর্য লৈ বক্তব্য আগবঢ়ায় মহাসভাৰ কার্যকৰী সভাপতি ড. প্রভাত কুমাৰ সিংহ, সাহিত্য সভাৰ সাধাৰণ সম্পাদক
মনিকান্ত সিংহ, মহাসভাৰ অসম ৰাজ্য কমিটিৰ সভাপতি ব্রজেন্দ্র কুমাৰ সিংহ,কবি সাহিত্যিক নৰেন্দ্র চন্দ্র সিংহ, ছাত্রসংস্থাৰ সভাপতি ৰাজকুমাৰ, সাধাৰণ সম্পাদক বিশাল সিংহ, কার্যকৰী সভাপতি বীৰ কুমাৰ সিংহ,গণ সংগ্রাম পৰিষদৰ বিজু সিংহ,ৰাজু সিংহ প্রমুখ।