মৰিয়নিত ড্ৰাগছ আসক্ত দুই যুৱকক কৰায়ত্ত; জে’ললৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ৫ জুন: মৰিয়নি নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত ড্ৰাগছৰ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ আসক্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে । আৰক্ষীৰ অভিযানত মাজে সময়ে দুই এটা সৰবৰাহকাৰী জালত পৰিছে যদিও বৰ্তমানেও পূৰ্নোদ্যমে চলি আছে ড্ৰাগছৰ বেহা । শেহতীয়াকৈ আজি মৰিয়নিৰ একাংশ সচেতন যুৱকৰ তৎপৰতাত নগৰৰ মাজমজিয়াৰ পৰা দুটাকৈ ড্ৰাগছ আসক্তক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়া হয় । মৰিয়নি নগৰৰ মাজমজিয়াৰ মৰিয়নি-তিনিচুকীয়া ৰে’ল গেটৰ সমীপত দুজন যুৱকে সন্দেহজনক অৱস্থাত চলাফুৰা কৰা স্থানীয় লোকৰ দৃষ্টিগোচৰ হয় । পিছত যুৱক দুজনে লোক চক্ষুৰ আঁৰ লৈ ড্ৰাগছ সেৱন কৰিবলৈ লওঁতেই আন কেইজনমান সচেতন যুৱকে যুৱকদ্বয়ক কৰায়ত্ত কৰে ।দলটো দেখি যুৱকদ্বয়ে কিছু সংখ্যক ড্ৰাগছ পেলাই দিয়ে যদিও কন্টেইনাৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰিবলৈও সক্ষম হয় । ধৃত যুৱকদ্বয় মৰিয়নি নগৰৰ এক নং ৱাৰ্ডৰ বিমল সৰকাৰৰ পুত্ৰ ৰাহুল সৰকাৰ ( ৩০ ) আৰু চিগনেল ক’লোনীৰ গোপাল দে’ৰ পুত্ৰ বিকি দে ( ৩৩ ) বুলি চিনাক্ত কৰা হৈছে । যুৱকদ্বয়ৰ পৰা ড্ৰাগছ কঢ়িয়াই অনা দুটা চাদা টেমা সদৃশ কন্টেইনাৰ, এটা লাইটাৰ, চিৰিঞ্জ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ড্ৰাগছ চিৰিঞ্জত সুমুৱাই দেহত প্ৰৱেশ কৰাই বুলি স্বীকাৰ কৰিছে ড্ৰাগছ আসক্ত যুৱকদ্বয়ে । পিছত যুৱকদ্বয়ক মৰিয়নি আৰক্ষীক চমজাই দিয়া হয় । মৰিয়নি আৰক্ষীয়ে ১০৩ / ২২ নম্বৰত এন ডি পি ডি এক্টৰ ২১ (এ) ধাৰাত এক গোচৰ ৰুজু কৰি দুয়োকে জে’ললৈ প্ৰেৰণ কৰিছে ।নগৰত এইদৰে উদ্বেগজনকভাৱে ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা বৃদ্ধি পাই অহাত চিন্তিত হৈ পৰিছে অভিভাৱকসকল ।