মৰিয়নিৰ বিদ্যালয়ত গুণোৎসৱ সম্পন্ন
নিয়মীয়া বাৰ্তা, ৫ জুনঃ ৰাজ্যৰ শিক্ষানুষ্ঠানত চলি থকা তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ কালি সামৰণি পৰে । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিয়নিতো চলিল গুণোৎসৱৰ কাৰ্য্যসূচী । মৰিয়নি নগৰৰ সকলো শিক্ষানুষ্ঠানত বিগত ২, ৩ আৰু ৪ জুনত গুণোৎসৱ সম্পন্ন হয় । ইয়াৰ মাজতে একাধিক বিদ্যালয়ত নিশা ন – দহ বজালৈকে গুণোৎসৱৰ কাম চলিল । মৰিয়নিৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুকলমে সম্পন্ন হয় গুণোৎসৱ । ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনলৈ বহিঃ মূল্যায়ক হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠা অধ্যাপিকা ড° প্ৰেমিলা এল. বৰদলৈ, যোৰহাটৰ দেবী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ব্ৰীজ মোহন হাজৰিকা আৰু মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপিকা মনালিছা বৰদলৈয়ে অংশগ্ৰহণ কৰে । পুৱা এওঁলোকক বিদ্যালয়খনৰ অধ্যক্ষা স্মৃতিৰেখা ফুকন, দশম শ্ৰেণীৰ ছাত্ৰ জ্যোতিষ দাস আৰু নৱম শ্ৰেণীৰ ছাত্ৰী নৱনীতা সিংহই সম্বৰ্ধনা জনায় । সহকাৰী শিক্ষক মনোজ কুমাৰ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানৰ পিছতেই ছাত্ৰ সংসদৰ ছাত্ৰ- ছাত্ৰী ৰশ্মি শইকীয়া, জ্যোতিষ দাস, নৱনীতা সিংহ, ৰশ্মি বণিয়া, বলিন শইকীয়া আৰু দিপীকা তাঁতীয়ে প্ৰাতঃ সভা পৰিচালনা কৰে । শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়েও বহিঃ মূল্যায়কক সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত মৰিয়নি পৌৰসভাৰ পৌৰ প্ৰধান বিশ্বপ্ৰভা শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° ভূপেন্দ্ৰ নাথ গোস্বামী, ৫ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য ৰঞ্জুশ্ৰী দাস, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ বিষয়ববীয়া মুকিব জামাল আহমেদ, প্ৰশান্ত বাবা দাস, চি আৰ চি চি কৃষ্ণাবালা মিশ্ৰ, ন’ডেল বিষয়া প্ৰীতম শইকীয়া, মাতৃ গোটৰ সদস্যাৰ লগতে অভিভাৱকৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে । আনহাতে কেবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীয়েও গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । বিদ্যালয়খনৰ বৃহৎসংখ্যক ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বহী মূল্যায়ন আদি সম্পন্ন হওতে নিশা প্ৰায় দহ বাজে । অৰ্থাৎ নিশা প্ৰায় দহ বজালৈকে গুণোৎসৱৰ কাম চলে বিদ্যালয়খনত । লক্ষণীয় যে, ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ গুণোৎসৱৰ বাবে ভি আই পি বহিঃ মূল্যায়ক হিচাপে ৰাজ্যৰ এডিছনেল পি চি চি এফ ( পি এণ্ড ডি ) পি জে বিজয়াকাৰৰ নাম ৰাজ্য চৰকাৰে দিছিল যদিও গুণোৎসৱৰ কাৰ্য্যসূচীত বন বিভাগৰ অন্যতম শীৰ্ষ বিষয়াগৰাকী অনুপস্থিত থাকে ।
আনহাতে, মৰিয়নি অঞ্চলৰ অন্যতম পুৰণি প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান নতুন মাটি আদৰ্শ প্ৰাথমিক বিদ্যালয়তো সুকলমে গুণোৎসৱৰ কাৰ্য্যসূচী সম্পন্ন হয় । পুৱা বিদ্যালয়খনলৈ বহিঃ মূল্যায়ক হিচাপে অহা তিতাবৰৰ জিলা শিক্ষণ – প্ৰশিক্ষণ কেন্দ্ৰৰ সমীক্ষা বৰাক সম্বৰ্ধনা জনোৱা হয় । পুৱা প্ৰাতঃ সভাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে । এই অনুষ্ঠানত বিদ্যালয়খনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত অৱসৰপ্ৰাপ্ত অধ্যাপক, সমাজকৰ্মী বিমান বৰবৰা, গৌতম শইকীয়া, দ্বীপেন ফুকন, মইনুল ইছলাম, আমান মিৰ্জা, জ্যেষ্ঠ ব্যক্তি ধীৰেন্দ্ৰ নাথ দত্ত, শিক্ষক প্ৰীতম শইকীয়া, জগদীশ বৰুৱা, প্ৰতিভা বৰা, ৰানু বৰুৱা, ৰীতামনি চেতিয়া, প্ৰধান শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়া বৰুৱা, চি আৰ চি চি কৃষ্ণাবালা মিশ্ৰ, ভাগ্য চাংমাই আদিৰ লগতে বহুসংখ্যক অভিভাৱক- অভিভাৱিকা উপস্থিত থাকে ।গুণোৎসৱৰ সৈতে সংগতি ৰাখি বহিঃ মূল্যায়কৰ দ্বাৰা বৃক্ষৰোপন কাৰ্য্যসূচীও ৰূপায়ণ কৰা হয় ।