নিয়মীয়া বাৰ্তা,৬ জুনঃ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ৪৫১৮ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। মন কৰিবলগীয়া যে দেওবাৰে দেশত ৪২৭০ টা কৰ’ণাত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল।
মন্ত্ৰালয়ে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ২৭৭৯ গৰাকী লোকক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাত যাবলৈ দিয়া হৈছে। একে সময়তে এই সময়ছোৱাত ৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ ২৫,৭৮২ জনলৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত ৪ কোটি ২৬ লাখ ৩০ হাজাৰ ৮৫২ জন লোক কৰোনাত আৰোগ্য হৈছে। একে সময়তে এতিয়ালৈকে মুঠ ৪ কোটি ৩১ লাখ ৮১ হাজাৰ ৩৩৫ গৰাকী লোক আক্ৰান্ত হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে মুঠ ৫ লাখ ২৪ হাজাৰ ৭০১ জন লোকৰ মৃত্যু হৈছে।
भारत में पिछले 24 घंटों में #COVID19 के 4,518 नए मामले सामने आए हैं, 2,779 लोग डिस्चार्ज हुए और कोरोना से 9 लोगों की मौत हुई है।
कुल मामले: 4,31,81,335
सक्रिय मामले: 25,782
कुल रिकवरी: 4,26,30,852
कुल मौतें: 5,24,701
कुल वैक्सीनेशन: 1,94,12,87,000 pic.twitter.com/SqNtS8OJLh— ANI_HindiNews (@AHindinews) June 6, 2022