নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ই’ক’ ক্লাবৰ উদ্যোগত লুপ্তপ্ৰায় জীৱ-উদ্ভিদ সংৰক্ষণ ওপৰত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন

নিয়মীয়া বার্তা,৬ জুন:বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি হোজাইৰ কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। হোজাইৰ কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ ইক’ ক্লাবৰ উদ্যোগত- লুপ্ত প্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণৰ ওপৰত আলোচনা চক্ৰ আৰু কবি তথা শিক্ষক ৰফিক উদ্দিনৰ ষষ্ঠতম কাব্যগ্ৰন্থ ‘শ্লেষ’ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কবি চক্ৰৰ মুখ্য উপদেষ্টা আলহাজ মোস্তাফা আহমেদ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম কবি চক্ৰৰ সভাপতি ডাঃ হাছিনুচ চুলতান, অসম কবি চক্ৰৰ উপ-সভাপতি মুজাম্মিল আলী, অসম কবি চক্ৰৰ সাধাৰণ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ। আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ড° হাছিনুচ চুলতান, আলহাজ মোস্তাফা আহমেদ, জমিৰ উদ্দিন তালুকদাৰ, আব্দুল হাচিব তালুকদাৰ, মোজম্মিল আলী, বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিক উদ্দিন, কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক নুৰ উদ্দিন আহমেদ, কবি সাংবাদিক ছাদিকুজ জামান, কবি তথা শিক্ষক দিলৱাৰ হুছেইন, জোনাকী বুক ষ্টোৰৰ স্বত্বাধিকাৰী মুজিবুৰ ৰহমান, শিক্ষক আব্দুল কুদ্দুছ, শিক্ষক কামাল উদ্দিন চৌধুৰী, মৌলানা আব্দুৰ ৰহিম, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্তাজ আলী, বিদ্যালয়ৰ শিক্ষক উবাইদুৰ ৰহমান, শিক্ষয়িত্ৰী দেৱলক্ষী বড়া, অধিবক্তা ফাৰমিন বেগম, মইদুল আলম বৰভূঞা, চালেহ আহমেদ মজুমদাৰ, আজিজ খান, ৰেজাউল তালুকদাৰ, বিদ্যালয়ৰ সদস্য-সদস্যা, অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like