নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাম গোৱাটো কেৱল ধৰ্ম সাধনা নহয়, ই সাংস্কৃতিক চেতনাবোধো জগাই তোলেঃ শ্ৰীশ্ৰীশংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তীৰ আই মাতৃ সমাৰোহ

বিশেষ বাৰ্তা, ৬ জুনঃ ‘নামঘৰ আদিত নাম গোৱাটো কেৱল ধৰ্ম সাধনাৰ পথ নহয় । ই সাংস্কৃতিক চেতনাবোধ জগাই তোলে । আমাৰ জীৱন যাপন পৰিশীলিত হ’লে আমাৰ নতুন প্ৰজন্মইয়ো সেই পৰিশীলিত পথকে অনুসৰণ কৰিব ।” মৰিয়নিৰ অন্যতম পুৰণি ধৰ্মীয়নুষ্ঠান, বুঢ়া নামঘৰ ৰূপে জনাজাত শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে আজি অনুষ্ঠিত হোৱা আই মাতৃ সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ড° বীণাপাণি দেৱীয়ে । তেওঁ কয় – মহাপুৰুষ শংকৰদেৱে পুৰুষৰ লগতে মহিলাকো সমানে আগবাঢ়ি যোৱাতো বিচাৰিছিল। নাৰীয়ে পুৰুষৰ সমানেই কাম কৰিব পাৰে বুলি গুৰুত্ব দিছিল । শংকৰদেৱৰ দিনৰ পৰাই নাৰীসকলক আগবঢ়াই অনাৰ বাবেই হয়তু আজি মহিলাই কৰিব নোৱাৰা কাম একো নাই বুলিও তেওঁ লগতে মন্তব্য কৰে। আনহাতে গুৰুজনাই কৰ্মযোগ বা জ্ঞানযোগতকৈ ভক্তিযোগক ভগৱান সাধনাৰ উৎকৃষ্ট পথ হিচাপে উল্লেখ কৰি গৈছে বুলি মন্তব্য কৰে ড° বীণাপাণি দেৱীয়ে । তেওঁ কয় – গুৰুজনাই সেয়েহে নাম ল’বলৈ কৈছে । দিহা নামো এক কীৰ্তন পদ্ধতি, যি নামৰ মাজেদি ভগৱান সাধনা কৰা হয় আৰু ভগৱান প্ৰাপ্তিৰ বিভিন্ন পথও দেখুওৱা হয় বুলি তেওঁ লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । চিনামৰা মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা দীপশিখা দত্তই পৌৰোহিত্য কৰা এই সভাত সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰি মৰিয়নি পৌৰসভাৰ পৌৰ প্ৰধান বিশ্বপ্ৰভা শইকীয়ায়ো সভাখনত তত্বগধুৰ বক্তব্য প্ৰদান কৰে । আনহাতে, এই অনুষ্ঠানতে মৰিয়নি অঞ্চলৰ এঘাৰ গৰাকী বিশিষ্টা মহিলাক সম্বৰ্ধনা জনোৱা হয় । বিশিষ্ট শিল্পী তৰুণ শইকীয়াই আঁ‌ত ধৰা সম্বৰ্ধনা অনুষ্ঠানত মৰিয়নিৰ সামাজিক,সাংস্কৃতিক, ধৰ্মীয় ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই যোৱা মহিলা বীনা দেৱী, পুতু দাস, কামিনী মালাকাৰ, সুৰমাই বৰা, কৰুণা শইকীয়া, নিজৰা দত্ত হাজৰিকা, উপমা ফুকন, কুঞ্জলতা হাজৰিকা, পাৰুল দত্ত, বীনা আইদেউ বুঢ়াগোঁ‌হাই আৰু প্ৰণতি চেতিয়াক চেলেং চাদৰ, একোখনকৈ গীতা, সম্বৰ্ধনা পত্ৰ আদিৰে ডবা, শংখ, উৰুলি, জয়ধ্বনিৰ শব্দৰে মুখৰিত এক আৱেগিক পৰিবেশত সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পূৰ্বে পুৱা শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ অন্তৰ্গত নতুনমাটি নামঘৰৰ পতাকা উত্তোলন কৰি দিনটোৰ কৰ্য্যসূচী মুকলি কৰে সভাপতি ধীৰেন্দ্ৰ নাথ দত্তই । মৰিয়নি মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰূপা চেতিয়া বুঢ়াগোঁ‌হায়ে বৃক্ষৰোপন কাৰ্য্যসূচী মুকলি কৰে । প্ৰয়াত মহিলা ভদ্ৰেশ্বৰী শইকীয়া, আইজনী বৰুৱা, ভেদৌ গগৈ, হৰমাই গগৈ, তৰু বৰা, সন্ধ্যা দত্ত আৰু বীনা কছাৰীৰ স্মৃতিত একোটিকৈ নাৰিকল পুলি ৰোপণ কৰি তেওঁলোকৰ স্মৃতি উদ্যোক্তাসকলে সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰে । এই অনুষ্ঠানতে নামাচাৰ্য্য বিমান বৰবৰাৰ পৰিচালনাত নাম প্ৰসংগ অনুষ্ঠিত হয় । আনহাতে, বিয়লি মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই দিহানাম প্ৰতিযোগিতাত অসমীয়া লোককৃষ্টিৰ গৱেষক তথা চিনামৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° দ্বীপেন নাথ উপস্থিত থাকি লোককৃষ্টিত দিহানামৰ গুৰুত্ব আৰু তাৰ তাৎপৰ্যৰ ওপৰত সাৱলীল আৰু তাত্বিক বক্তৃত প্ৰদান কৰে । কুৰিৰো অধিক দলে যোগদান কৰা এই দিহানাম প্ৰতিযোগিতাত মৰিয়নিৰ কল্পতৰু কৃষ্টি কাননে প্ৰথম, বিজয়পুৰৰ শ্ৰীমন্ত শংকৰদেৱ দিহানাম দলে দ্বিতীয় আৰু মৰিয়নি কিংশুক মহিলা চ’ৰাই তৃতীয় স্থান দখল কৰে । বিজয়ী দল সমূহক নগদ ধন, প্ৰশস্তি পত্ৰ, বঁ‌টা আদিৰে পুৰস্কৃত কৰা হয় । আই মাতৃ সমাজৰ সভানেত্ৰী চম্পা শইকীয়াই আঁ‌ত ধৰা এই অনুষ্ঠানত প্ৰবীণ সাংস্কৃতিক কৰ্মী- ধৰ্মপ্ৰাণ ব্যক্তি ৰত্নেশ্বৰ মালাকাৰ, শিক্ষাবিদ বিমান বৰবৰা, শিক্ষাবিদ আনন্দ শইকীয়া, শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ বৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূদ্ৰ গগৈ, বয়োজ্যেষ্ঠ ব্যক্তি লাচিত বুঢ়াগোঁ‌হাই, অৱসৰপ্ৰাপ্ত ৰে’লৱে বিষয়া যোগেশ্বৰ বুঢ়াগোঁ‌হাই, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক পল্লৱ দত্ত ( বুবু ), শিল্পী তৰুণ শইকীয়া, জ্যেষ্ঠ ব্যক্তি গোলাপ চেতিয়া, সমাজকৰ্মী অৰুণ বেৰিয়া, তৰুণ শইকীয়া ( কনিষ্ঠ ), মৃদুল শইকীয়া আদিক আদৰণি জনোৱা হয়। বৃহত্তৰ মৰিয়নি অঞ্চলৰ বয়োজ্যেষ্ঠা মহিলাসকল দীৰ্ঘদিনৰ বিৰতিত এইদৰে একত্ৰিত হোৱাত কীৰ্তনঘৰত এক আৱেগ গধুৰ পৰিবেশৰ সৃষ্টি হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like