এন ডি এ চৰকাৰৰ আঠ বছৰ পূৰ্তি উপলক্ষে মৰিয়নিত বিজেপিৰ চাফাই অভিযান
বিশেষ বাৰ্তা, ৬ জুনঃ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ আঠ বছৰ পূৰ্তি উপলক্ষে আজিৰ পৰা বিজেপিয়ে সপ্তাহজোৰা কাৰ্যসূচী “চাফাই অভিযান“ আৰম্ভ কৰিছে । ইয়াৰ এক অংশস্বৰূপে আজি বিজেপিৰ মৰিয়নি মণ্ডলৰ অ’ বি চি মৰ্চাৰ উদ্যোগত মৰিয়নি জাতীয় বিদ্যাপীঠৰ চৌহদত এক চাফাই অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভাৰতীয় জনতা পাৰ্টীৰ অ’ বি চি মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি ত্ৰৈলোক্য গগৈ, মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজ, যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অপূৰ্ব শইকীয়া, জিলা কাৰ্য্যনিৰ্বাহক সদস্য দিগন্ত হাজৰিকা, অ’ বি চি মৰ্চাৰ মৰিয়নি মণ্ডলৰ সভাপতি প্ৰবীণ শইকীয়া, চাহ আৰু প্ৰাক্তন চাহ কল্যাণ ব’ৰ্ডৰ যোৰহাট মহকুমাৰ অধ্যক্ষ তৰুণ ৰাজৱাৰ, নীলমনি ঠেঙাল, মাখন গগৈ, কপিল বৰুৱা আদি মৰ্চাৰ বিষয়ববীয়া সকলে মৰিয়নি জাতীয় বিদ্যাপীঠ চৌহদৰ উপৰি শ্ৰীশ্ৰী শংকৰদেৱ কীৰ্তনঘৰ চৌহদতো এই কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া