নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ এফ চি এছিয়ান কাপ ফুটবল কোৱালিফিকেচনত কম্বোডিয়াৰে আজি মুখামুখি ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৮ জুন:  এছিয়ান কাপৰ যোগ্যতা নির্ণায়ক পর্বত নমাৰ আগতে আটাইতকৈ সুবিধাজনক অৱস্থাত আছে ভাৰত৷ ফিফা ৰেংকিঙত ভাৰতেই সর্বোচ্চ স্থানত আছে৷ সম্প্রতি ৰেংকিঙত ১০৬ নম্বৰ স্থানত থকা ভাৰতে কাইলৈ ১৭১ নম্বৰ স্থানৰ কম্বোডিয়াৰ বিপক্ষে প্রথমখন মেচ খেলিব৷ অৱশ্যে ৬৫টা স্থান তলত থাকিলেও প্রতিপক্ষৰ বিৰুদ্ধে ৰেংকিঙক লৈ আগ্রহী নহয় ভাৰতৰ প্রশিক্ষক ইগৰ ষ্টিমাছ৷ তেওঁ স্পষ্ট কৰি দিয়ে যে এনে প্রতিযোগিতাত ৰেংকিং বিচার্য নহয়৷ মেচখনৰ পূর্বে অনুষ্ঠিত এখন সংবাদ মেলত ষ্টিমাছে কয়– ‘আমি প্রত্যেককে সমীহ কৰোঁ৷ কম্বোডিয়াই ইয়াত কেৱল অংশ ল’বলৈ অহা নাই৷ তেওঁলোকৰো জয়লাভৰ ক্ষুধা আমাৰ সমানে আছে৷ ভাৰতীয় দল ৰেংকিঙৰ ১৮০ত থকাৰ সময়তো আমি জয়লাভ কৰিছোঁ৷ সেইবাবে আমি অধিক সতর্ক৷ যিকোনো প্রতিপক্ষৰ বিৰুদ্ধে জিকিম বুলি জোৰকৈ ক’ব নোৱাৰোঁ৷ তাৰ দ্বাৰা বিপক্ষক অসন্মান কৰা হয়৷’ প্রশিক্ষকগৰাকীয়ে লগতে কয় যে এতিয়াৰ ফুটবলত সহজ মেচ বুলি কোনো কথা নাই৷ ১০০ৰ পৰা ১৮০ অথবা ২০০ৰ মাজত থকা দলসমূহৰ মাজত বিশেষ ব্যৱধান নাই বুলিও তেওঁ কয়৷ কাইলৈ মেচখনত আৰম্ভণিতে অগ্রগতি ল’ব খোজে ভাৰতে৷ প্রশিক্ষক ষ্টিমাছে কয় যে আৰম্ভণিতে গ’ল দি কম্বোডিয়াক চাপৰ মাজত ৰাখিব বিচাৰে৷ উল্লেখ্য যে শেহতীয়াভাৱে খেলা চাৰিখন প্রস্তুতি মেচৰ তিনিখনতে ভাৰত পৰাজিত হোৱাৰ পাছত ষ্টিমাছৰ প্রশিক্ষণক লৈ প্রশ্ণ উত্থাপন হৈছে৷ অৱশ্যে সেই ফলাফলক লৈ মূৰ ঘমাবলৈ ৰাজী নহয় ক্র’ৱেছিয়ান প্রশিক্ষকগৰাকী৷
খেলৰ সময়: নিশা ৮.৩০ বজা

You might also like