মেট্ৰিকত হোজাইৰ দুই শীৰ্ষ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীয়ে লাভ কৰিলে ৯৭ শতাংশ নম্বৰ
নিয়মীয়া বাৰ্তা, ১১ জুন: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ ফলাফল হতাশ জনক হলেও দুই শিক্ষৰ্থীয়ে ৯৭ শতাংশ নম্বৰ লাভ কৰি জিলাখনৰ শীৰ্ষ স্থান দখল কৰিছে । সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা দুই শিক্ষাৰ্থী হৈছে হোজাইৰ শংকৰদেৱ বিদ্যানিকেতনৰ হিমাদ্রি বৰা আৰু প্ৰণবানন্দ বিদ্যা মন্দিৰৰ মায়েঙক গুপ্তা । দুই ছাত্ৰ ছাত্ৰীয়ে ৯৭ শতাংশ নম্বৰ লাভ কৰিছে । উল্লেখ্য যে, আব্দুল হাচিব উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নতুন বজাৰৰ বাসিন্দা বীৰেন বৰা আৰু আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়ত্ৰী বীনা হাজৰিকাৰ কন্যা হিমাদ্রিয়ে অসমীয়াত ৯৮,ইংৰাজীত ৯৮,সমাজ বিজ্ঞানত ৯৭ সাধাৰণ বিজ্ঞানত ৮৯ আৰু গণিত আৰু উচ্চ গণিতত এক নম্বৰ লাভ কৰি মুঠ ৫৮২ নম্বৰ লাভ কৰি অঞ্চলটোৰ লগতে জিলাখনৰ শীৰ্ষ স্থান লাভ কৰি বৰ্তমান আজমল চুপাৰ ফৰটিয় বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ প্ৰস্তুতি সম্পন্ন কৰিছে । ইফালে হোজাইৰ ৰামপুৰৰ নিবাসী হোজাইৰ দেশবন্ধু বালিকা বিদ্যালয়ৰ শিক্ষক শিক্ষক উমানাথ পাণ্ডে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ ঠিকাভিত্তিক শিক্ষয়েত্ৰী লক্ষ্মী পাণ্ডেৰ জেষ্ঠ্য পুত্ৰ মায়েঙক পাণ্ডেয়ে গণিত আৰু উচ্চ গণিতত এশ নম্বৰৰ লগতে হিন্দী আৰু ইংৰাজীত ৯৪ আৰু সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰত যৌথ ভাবে শীৰ্ষ স্থান লাভ কৰে । দুইগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ বলত জিলাখনৰ অতি হতাশ জনক ফলাফলৰ পিছতো ৯৭ শতাংশ লাভ কৰি বিদ্যালয় তথা জিলাখনলৈ গৌৰব কঢ়িয়াই আনিছে । মায়েঙকে ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোনলৈ আজমল চুপাৰ ফৰটিত অধ্যয়ন কৰিব বুলি প্ৰকাশ ।
প্ৰেৰক কিশলয় দেৱগোস্বামী