নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালাহত গছ উভালি পথ বন্ধ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ যোৱা কেইবাদিনো দি থকা নেৰানেপেৰা বৰষুণৰ ফলত জালাহ – মুছলপুৰ পথত এডাল বৃহৎ ইউকেলিপটাচ গছ উভালি পৰি পথটো বন্ধ হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে দুৰ্ভোগ ভুগিবলগা হয় ।স্থানীয় লোকৰপৰা জানিব পৰা মতে যোৱা নিশাই গছ ডাল উভালি পৰিছিল ।কিন্তু আজি পুৱা ৯:৪৫ বজালৈকে গছডাল কটাৰ ব্যৱস্থা নকৰাত ছাত্ৰ- ছাত্ৰী , চৰকাৰী চাকৰিয়ালসকল পথতে আবদ্ধ হৈ থাকিবলগা হয় । পিছত অৱশ্যে বিভাগীয় কৰ্তৃপক্ষৰ লোক আহি গছডাল কটাত পথটো মুকলি হয় । উল্লেখ্য যে এই পথটোৰ জালাহ লক্ষ্মী মন্দিৰ প্ৰাঙ্গনৰপৰা জালাহ আৰক্ষী পহৰা চকীলৈ ৰাস্তাৰ কাষে কাষে বৃহৎ বৃহৎ ইউকেলিপটাচ গছ থকাত আৰু সময়ে সময়ে বতাহ বৰষুণত সেইবোৰ উভালি পৰি বিদ্যুতৰ খুটা ভঙাত অঞ্চলটোৰ বিদ্যুত যোগান ব্যাহত হৈ পৰে ।

প্ৰেৰক দিগন্ত দাস

You might also like