নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলাফল সাজুঃ উচ্চ ন্যায়ালয়ৰ অনুমতিলৈ অপেক্ষা এপিএছচিৰ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ভাষাৰ বাধ্যতামূলক প্রশ্নকাকত প্রত্যাহাৰক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ বাবে ২০২০ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল সাজু হোৱা সত্ত্বেও ঘোষণা কৰিব পৰা নাই অসম লোকসেৱা আয়োগ (এ পি এছ চি)–এ৷ এই পৰীক্ষাৰ ফলাফল প্রকাশৰ অনুমতি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আয়োগে আবেদন দাখিল কৰিছে৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োগে দাখিল কৰা ইণ্টাৰ লুকেট’ৰী এপ্লিকেচনৰ শুনানি গ্রহণ কৰে যদিও কোনো নির্দেশনা প্রদান কৰাৰ পৰা বিৰত থাকে৷ বৰঞ্চ এই গোচৰটোৰ শুনানি পুনৰ অহা ২৮ জুন নির্ধাৰণ কৰে৷ পৰৱর্তী শুনানিৰ পূর্বে গুচৰীয়া পক্ষক নিজৰ আপত্তি লিখিত আকাৰে প্রদান কৰিবলৈ আজি উচ্চ ন্যায়ালয়ে নির্দেশ প্রদান কৰিছে৷ ইয়াৰ লগে লগে সহস্রাধিক পৰীক্ষার্থী অৱতীর্ণ হোৱা আয়োগৰ পৰীক্ষাৰ ফলাফল পুনৰ অনিশ্চিত হৈ পৰিছে৷ উল্লেখ্য যে ২০১৯ আৰু ২০২০ বর্ষত ৰাজ্য চৰকাৰে আয়োগৰ বিধিত সংশোধন কৰি ভাষাৰ বাধ্যতামূলক প্রশ্ণকাকতত অৱতীর্ণ হোৱাৰ পৰা মুঠ ৬খন জিলাৰ প্রার্থীক ৰেহাই প্রদান কৰিছিল৷ তিনি পাহাৰীয়া জিলা ক্রমে কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাওৰ উপৰি বৰাক উপত্যকাৰ তিনি জিলা– কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ প্রার্থীসকলক ভাষাৰ প্রশ্নকাকতত অৱতীর্ণ হোৱাৰ পৰা ৰেহাই প্রদান কৰা হৈছিল৷ চৰকাৰৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ একাংশ প্রার্থীয়ে ভাষাৰ প্রশ্ণকাকত ৰাজ্যৰ সকলো প্রার্থীৰ বাবে বাধ্যতামূলক অথবা সকলো প্রার্থীকে ৰেহাই দিয়াৰ যিকোনো এটা সিদ্ধান্ত গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত অৱশ্যে ভাষাৰ প্রনকাকত প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তত বহুসংখ্যক দল–সংগঠনে তীব্র আপত্তি কৰে৷ একেদৰে চৰকাৰৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰো ৰুজু কৰে৷ পৰৱর্তী সময়ত এই দুয়োটা প্রার্থনাৰে দাখিল কৰা একাধিক আবেদৰ শুনানি গ্রহণ কৰি যোৱা ২৪ জানুৱাৰীত উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগক সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰে৷ এইক্ষেত্রত আয়োগক উচ্চ ন্যায়ালয়ে এটা বিশেষ চর্ত বান্ধি দিয়ে৷ পৰীক্ষা অনুষ্ঠিত কৰিলেও চূড়ান্ত ফলাফল ঘোষণা কৰিবলৈ বাধা আৰোপ কৰে উচ্চ ন্যায়ালয়ে৷ যাৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ পাছত ফলাফল সাজু কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম লোকসেৱা আয়োগ৷ এখন ইণ্টাৰ লুকেট’ৰী আবেদনৰ জৰিয়তে চূড়ান্ত ফলাফল ঘোষণা কৰিবলৈ উচ্চ ন্যায়ালয়ক অনুমতি প্রদানৰ তেওঁলোকে প্রার্থনা জনাইছে৷ সমান্তৰালভাৱে আন এখন আবেদনৰ জৰিয়তে চূড়ান্ত ফলাফল বন্ধ খামত উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ তেওঁলোক সাজু বুলি অৱগত কৰিছে৷ এই দুয়োখন আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২৮ জুন পৰৱর্তী শুনানিৰ বাবে দিন ধার্য কৰিছে৷

You might also like