বৰষুণত শিঙিমাৰী -শুৱালকুছিৰ ফ’ৰলেন পথৰ ব্যাপক ক্ষতি
নিয়মীয়া বাৰ্তা, ১৮ জুন: নিৰ্মাণৰ এবছৰ নৌহওতেই বৰষুণে ক্ষতি কৰিলে শিঙিমাৰী-শুৱালকুছিৰ নৱ নিৰ্মিত ফ’ৰলেন পথটিৰ। বিগত কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ফ’ৰলেন পথটিৰ কেবা ঠাইটো ক্ষতি হয়। মূল পথৰ কাষৰে নিৰ্মাণ কৰা পদ পথটিৰ গন্ধমৌ বৰবৰদিয়াকে ধৰি কেইবা ঠাইত বিধস্ত হয়।১১০ কোটি টকা ব্যয় সাপেক্ষে গৌতম কনষ্টাকশ্বন নামৰ পথ নিৰ্মাণকাৰী সংস্হাই পথটি বিজ্ঞান সন্মতভাবে নিৰ্মান নকৰাৰ অভিযোগ তুলিছে স্হানীয় ৰাইজে । কিয়নো শিঙিমাৰীৰ পৰা শুৱালকুছি লৈ প্ৰায় ১৩ কিলোমিটাৰ এই পথটি সমতুল ভাবে নিৰ্মাণ নকৰাৰ ফলত সাধাৰণ এজাক বৰষুণ আহিলেই ঠায়ে ঠায়ে পথটিত পানীৰ ডোঙা বান্ধে ।আনকি চাইডবাম বোৰ পদপথৰ ৰূপ দিয়াত পথৰ পৰা পানী ওলাই যোৱাৰ কোনো সুৰুঙা নথকাত পানী পথৰ ওপৰতে জমা হৈ থাকে ।
নিৰ্মানকাৰী সংস্হাটোৰ চৰকাৰৰ বৰমুৰীয়াৰ লগত থকা মিতিৰালিৰ বাবেই মইমতালিৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে । যাৰফলত পথটিৰ আয়ুস যথেষ্ট কম হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ৰাইজে নিৰ্মাণকাৰী সন্হাটোক সাধাৰণ বৰষুণ দিলেই পথটিৰ ঠায়ে ঠায়ে হোৱা জমা পানীবোৰ উলিয়াই পঠোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা পথটি সোনকালে নস্ট হৈ পৰাৰ আশংকাই দেখা দিছে ৷ স্হানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক বিষয়টিত গুৰুত্ব দিবলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে ৷