বানাক্ৰান্ত অঞ্চলত পশুখাদ্য আৰু ঔষধ পৰ্য্যাপ্ত যোগানৰ নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা, ১৮ জুন: অসম চৰকাৰৰ পশুপালন, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত আজি দিশপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী বৰাই বানাক্ৰান্ত অঞ্চল সমূহত অধিক খৰতকীয়া ভাৱে পশুধনৰ খাদ্য আৰু চিকিৎসাৰ লগতে পৰ্য্যাপ্ত পৰিমানে ঔষধ যোগানৰ বাবে নিৰ্দেশ দিয়ে আৰু বানপানীত পশুধনৰ মৃত্যু হোৱা অথবা ক্ষয়-ক্ষতিৰ প্ৰকৃত তথ্য সংগ্ৰহ কৰিবলৈ জিলা পশুপালন বিষয়াসকলক আহ্বান জনায়।
ইয়াৰ বাবে মন্ত্ৰী বৰাই গুৱাহাটীত কেন্দ্ৰীয় ভাৱে এটা নিৰিক্ষণ শাখা মুকলি কৰাত গুৰুত্ব দিয়ে। মন্ত্ৰী বৰাই লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গাহৰিৰ দেহত পুনৰ আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগ ধৰা পৰা বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আৰু ইয়াৰ বাবে জৈৱ সুৰক্ষাৰ লগতে সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ আৰু দুটা বিষয়াৰ দল জিলা সমূহলৈ তাৎক্ষণিক ভাৱে যাবলৈ আহ্বান জনায়। এই সম্পৰ্কত এটা নিৰিক্ষণ গোট গঠন কৰা হয়। মন্ত্ৰী বৰাই পশুপালন বিভাগৰ লগতে অসম পশুধন নিগম, দুগ্ধ উন্নয়ণ বিভাগ, ৰাষ্ট্ৰীয় পশুধন আচঁনি, অসম পশুধন উন্নয়ণ সংস্থাৰ আচঁনিসমূহ সময় নিৰ্ধাৰিত ভাৱে ৰূপায়ণ কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কণী, গাখীৰ, গাহৰি, ছাগলী আদি উৎপাদন বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে ।
পশুধনৰ চিকিৎসাৰ বাবে বিভাগে গ্ৰহণ কৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থা অতি সোনকালে কাৰ্য্যকৰীকৰণত গুৰুত্ব দিয়ে। সভাত অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, আয়ুক্ত-সচিব জয়ন্ত নাৰ্লিকাৰ,পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ বিবেকানন্দ শইকীয়া,সচিব অভিজিৎ বৰুৱা, বিভাগীয় সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, দুগ্ধ উন্নয়ণৰ সঞ্চালক উৎপল শৰ্মা আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।
Attended a meeting of Agriculture, Horticulture & FP Dept to discuss departmental steps to be taken in view of flood situation in several districts.
Directed officials to form teams for inspection of flood affected regions and provide necessary assistance to farmers. pic.twitter.com/PeXGFXafFc
— Atul Bora (@ATULBORA2) June 18, 2022