নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন হ’ব সাহিত্যৰ মহা উৎসৱ

প্ৰস্তুতিত সন্তুষ্টি নৱনিৰ্বাচিত উপ-সভাপতি মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ মাত্র তিনি দিন বাকী৷ বিৰামহীনভাৱে জ্যোতিক্ষেত্রত চলিছে তীব্র প্রস্তুতি৷ কালি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ লগত অহা কেন্দ্রীয় সমিতিৰ এটা সঁজাতী দলে শুৱালকুছি জ্যোতিক্ষেত্র পৰিদর্শন কৰি প্রস্তুতিৰ বুজ লয়৷ তেওঁ সাংবাদিকৰ লগত হোৱা বার্তালাপত শুৱালকুছি অধিৱেশনে অসম সাহিত্য সভাক এক নতুন গতি দিব বুলি মন্তব্য কৰে৷ তেওঁৰ মতে শুৱালকুছি অধিৱেশন হ’ব ‘সাহিত্যৰ মহা উৎসৱ’৷ ইয়াত লক্ষ লক্ষ সাহিত্যপ্রেমীৰ ভিৰ হ’ব৷ মহাসমন্বয়ৰ মহামিলনৰ স্থানত পৰিণত হ’ব এইখন অধিৱেশন৷ শুৱালকুছিৰ সুনাম বিশ্বত জিলিকি উঠিব৷ পাট–মুগা বস্ত্রই বিশ্ববাসীৰ আদৰ পাব৷ তেওঁ সমগ্র অসমত ১৫০০খন সক্রিয় শাখা সাহিত্য সভা থকাৰ কথা উল্লেখ কৰি ইয়াৰ পৰা প্রায় তিনি হাজাৰ প্রতিনিধিয়ে শুৱাকুছি অধিৱেশনত অংশগ্রহণ কৰিব বুলি দোহাৰে৷ অধিৱেশনৰ প্রস্তুতিত সন্তুষ্টি প্রকাশ কৰি যিখিনি কাম এতিয়াও বাকী আছে সেইখিনি অধিৱেশনৰ আগত সম্পূর্ণ হ’ব বুলি তেওঁ মন্তব্য কৰে৷ ড০ ৰাজবংশীৰ সৈতে গোপিল জালান, প্রদ্যুৎ কুমাৰ, প্রফুল্ল বর্মন, ৰাণা বশিষ্ঠ, সুবোধ তালুকদাৰ, বিপুল শর্মা প্রমুখ্যে কেইবাজনো কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে৷ পিছত তেওঁ শুৱালকুছি মহাবিদ্যালয়ত অনুষ্ঠিত এখন সভাত প্রতিখন উপ–সমিতিৰ কাম–কাজৰ বুজ লোৱাৰ লগতে কিছু কিছু কৰণীয় সন্দর্ভতো পৰামর্শ দিয়ে৷ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক অনিল বৈশ্যই দলটিক আদৰণি জনায়৷ আনহাতে সোমবাৰে অধিৱেশনস্থলীত উপস্থিত হয় অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভানেত্রী মৃণালিনী দেৱী৷ তেওঁ জ্যোতিক্ষেত্রত উপস্থিত হৈ প্রস্তুতি দেখি উৎসাহিত হৈ পৰে৷ তেওঁ মূল মণ্ডপ, পতাকা উত্তোলনস্থলী, শ্বহীদ বেদীস্থলী, গ্রন্থমেলাস্থলী, প্রদর্শনীস্থলী, নামঘৰস্থলী,বাণিজ্য মেলাস্থলী, অস্থায়ী হেলীপেদস্থলী পৰিদর্শন কৰি সন্তুষ্টি প্রকাশ কৰে৷ পূর্বৰ অধিৱেশনসমূহতকৈ এইখন অধিৱেশন এক অন্যন্য হ’ব বুলি উল্লেখ কৰি শুৱালকুছি অধিৱেশনৰ কথা যুগ–যুগান্তৰলৈ সকলোৰে মনত থাকিব বুলি আশা ব্যক্ত কৰে৷ তেওঁ কয় যে নতুন প্রজন্মই এইখন অধিৱেশনৰ পৰা বহুত নজনা কথা শিকিব পাৰিব৷ ইয়াৰ পৰা শুৱালকুছিয়েও এক বিশেষ মর্যাদা লাভ কৰিব৷ কামৰূপ জিলাৰ সকলো বাসিন্দাক শুৱালকুছি অধিৱেশনত স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰি অধিৱেশনখন সকলো দিশতে সাফল্যমণ্ডিত কৰিবলৈ তেওঁ আহ্বান জনায়৷ বিশাল ব্রহ্মপুত্রৰ পাৰৰ সেউজ বালিচৰৰ প্রাকৃতিক সৌন্দর্যৰ মাজত অনুষ্ঠিত হ’ব লগা অধিৱেশনে এক বিশেষ মর্যাদা লাভ কৰিব বুলি মৃণালিনী দেৱীয়ে উল্লেখ কৰে৷

আনহাতে অসমৰ এগৰাকী সুলেখক হিচাপে পৰিচিত তথা সুচিকিৎসক ড০ জয়ন্ত বিশ্ব শর্মা সোমবাৰে শুৱালকুছিৰ অধিৱেশনস্থলীত উপস্থিত হৈ অধিৱেশনৰ বিভিন্ন দিশ পর্যৱেক্ষণ কৰে৷ তেওঁ অধিৱেশনৰ পৰিকল্পনা আৰু প্রস্তুতি দেখি সন্তুষ্টি প্রকাশ কৰে৷ তেওঁ অসম সাহিত্য সভাই অসমীয়া মাধ্যমৰ পাঁচখন মডেল স্কুল স্থাপন কৰাৰ কথা উল্লেখ কৰি ২০২১ চনৰ পৰা সমগ্র ৰাজ্যতে এনে বিদ্যালয় স্থাপন কৰাৰ কথা দোহাৰে৷ অসম জাতীয় আদর্শ শিক্ষা নিধিৰ অধীনত শিক্ষা সংসদে এই বিদ্যালয়ৰ পাঠ্যক্রমকে ধৰি সকলো নজৰ ৰাখিব বুলি তেওঁ জনায়৷ তেওঁ সৰুৰে পৰা শিশুসকলক অসমীয়া ভাষাৰ প্রতি আকর্ষিত কৰাৰ বাবে অভিভাৱকসকলক আহ্বান জনায়৷বর্তমান নতুনকৈ মুকলি কৰা পাঁচখন মডেল স্কুলত প্রায় ২৫০ শিক্ষার্থীয়ে নামভর্তি কৰা বুলি তেওঁ জনায়৷ ড০ শর্মাই অসম সাহিত্য সভাৰ অধিৱেশনসমূহে নতুন সাহিত্যিক আৰু নতুন লেখকৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি এইবাৰৰ শুৱালকুছি অধিৱেশন এক উল্লেখযোগ্য অধিৱেশন হোৱাৰ দিশত আগবঢ়া বুলি মন্তব্য কৰে৷ শুৱালকুছি অধিৱেশনৰ প্রতিটো শেহতীয়া খবৰ অধিৱেশনৰ ৱেবছাইটত উপলব্ধ হ’ব বুলিও তেওঁ দোহাৰে৷

You might also like