আজিৰ দিনটোৰ ৰাশিফল
মেষ: কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
বৃষ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা–গধূলি ভগৱানৰ নাম ল’ব৷ যাত্রাৰ বাবে দিনটো শুভ৷ নীলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৮৷
মিথুন: ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত ভুল বুজাবুজি হ’ব পাৰে৷ যাত্রা দুপৰীয়া ১২ বজাৰ পাছত কৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
কর্কট: আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ কর্মত সফলতা লাভ কৰিব৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ শুভ ৰং সেউজীয়া৷ বিদ্যাত শুভ৷ শুভ সংখ্যা ৬৷
সিংহ: সমাজত হেয় হ’ব পাৰে৷ আনৰ প্রতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং পাতল গুলপীয়া৷ শুভ সংখ্যা ২৷
কন্যা: কর্মক্ষেত্রত শুভ৷ পাতল হালধীয়া বা ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব৷ সন্ধিয়া ৫ বজাৰ পাছত যাত্রা নকৰিব৷ প্রেমত বাধা আহিব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷
তুলা: যাত্রা সাৱধানে কৰিব৷ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ সন্তানৰ স্বাস্থ্য লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
বৃশ্চিক: অর্থ প্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব৷ যাত্রা কৰিব পাৰে৷ শুভ ৰং বগা৷ সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব৷ শুভ সংখ্যা ৭৷
ধনু: ব্যৱসায়–বাণিজ্য মধ্য গতিত চলিব৷ যাত্রা পুৱা ১০ বজাৰ পাছত ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ৷ প্রেমত সন্দেহ ভাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
মকৰ: শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে৷ হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব৷ যাত্রাৰ বাবে শুভ দিন৷ প্রেমত সফলতা৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷
কুম্ভ: অংশীদাৰী ব্যৱসায়ত উন্নতি৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ গতিকে চাই–চিতি যাত্রা কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৮৷
মীন: ধনাগম বৃদ্ধি পাব৷ বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ১৷