ডিফুৰ ছেছন হলত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন
নিয়মীয়া বাৰ্তা, ২৩ জুনঃ প্ৰতি বছৰৰ দৰে এইবাৰো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসুচীৰে ডিফুস্থিত চেছন হলত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ অধ্যক্ষ ৰাজু তিছই। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী তথা কেবিনেট মন্ত্ৰী যোগেন মহনে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডিফুৰ সাংসদ হৰেন ছিং বে, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং তথা আটাইকেইজন নিৰ্বাচিত সদস্য, আমোলা-বিষয়া-কৰ্মচাৰীসকল। সভাত ড০ তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সহায়-সহযোগিতাৰে পুনৰ তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ। জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ হকে কাম কৰি যাম। লাগিব মাথোঁ ৰাইজৰ সহায় সহযোগ।
প্ৰেৰক অমূল্য গোস্বামী