নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুইতৰ বুকুত সন্ধানহীন হোৱা ধুবুৰী অভিজিত সূত্ৰধৰ প্ৰথম বিভাগত উত্তীৰ্ণ; শোকত ভাঙি পৰিছে মাতৃ

নিয়মীয়া বাৰ্তা, ২৭ জুন: আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ পিছত বৰ লুইতত পৰি সন্ধানহীন হৈ থকা ধুবুৰীৰ অভিজিৎ সূত্ৰধৰ নামৰ ছাত্ৰগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বুলি পোহৰলৈ আহিছে। দূৰ্ভগীয়া সেই ছাত্ৰজনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ এই বাতৰিয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে ছাত্ৰজনৰ শিক্ষাগুৰু আৰু সহপাঠীসকলক। পুত্ৰৰ পৰীক্ষাৰ ফলাফলৰ বিষয়ে অৱগত হৈ সন্ধানহীন হৈ থকা ছাত্ৰজনৰ মাতৃৰ চকুৰ বন্যাই পৰিয়ালটোৰ ওচৰ চুবুৰীয়াকো কৰি তুলিছে শোকাৰ্ত।

স্মৰ্তব্য যে, বিগত ২৫ জুনৰ নিশা ধুবুৰীৰ মিছন ৰোডৰ মিছন ৰোডৰ অভিজিৎ সূত্ৰধৰ নামৰ যুৱকজন চাৰি বন্ধুৰে চহৰখনৰ ১নং ৱাৰ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ট্ৰেজাৰী ঘাটলৈ ফুৰিবলৈ আহিছিল। ল’গৰ সংগী কেইগৰাকীৰ ভাষ্য অনুসৰি পাৰঘাটত থকা আভ্যন্তৰিন জল পৰিবহন বিড়াগৰ এখন বিকল ফেৰীত বহি কথা পাতি থাকোঁতে অকষ্মাতে নৈখনত পৰি যায় অভিজিৎ। সন্ধানহীন সেই ছাত্ৰজনৰ সন্ধানত সিদিনা নিশাৰ পৰাই আৰক্ষী আৰু এচডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বৰ লুইতত অভিযান আৰম্ভ কৰিছে যদিও এই বাতৰি পঠিওৱালৈকে যুৱকজনৰ সন্ধান ওলোৱা নাই।

উল্লেখ্য যে, ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিৎ। আজি উচ্চ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষিত হোৱাৰ পিছত ছাত্ৰজনে সৰ্বমুঠ ৩১০ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিষয়ে অৱগত হৈ ছাত্ৰজনৰ শিক্ষাগুৰু, সহপাঠীকে ধৰি ধুবুৰীৰ সৰ্বস্তৰৰ ৰাইজক শোকাকূল কৰি তুলে। ইপিনে সন্ধানহীন হৈ থকা নিজৰ একমাত্ৰ সন্তানৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বিষয়ে অৱগত হৈ শোকত ভাঙি পৰিছে মাতৃ তথা পেছাত ধুবুৰী শিশু পাঠশালা ধুবুৰীৰ এছ. পি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনিকা সূত্ৰধৰে। উল্লেখ্য যে, অভিজিৎৰ পিতৃ নিখিল চন্দ্ৰ সূত্ৰধৰ কেই বছৰমান পূৰ্বেই পৰলোক গমন কৰিছে।

 

You might also like