নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত কৰ্মৰত হোজাইৰ এজন লোকক হত্যাৰ অভিযোগ

নিয়মীয়া বার্তা, ২৮ জুন : অসমৰ যুৱক-যুৱতী বহিঃৰাজ্যত প্ৰায়েই হত্যা বলি হবলগীয়া হোৱাৰ বাতৰি পোৱা যায় যদিও এইবাৰ হোজাইৰ কৃষ্ণনগৰৰ এজন লোক বহিঃৰাজ্যত হত্যাৰ বলি হবলগা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোজাই কৃষ্ণনগৰৰ বাসিন্দাৰ দিলীপ কীৰ্তনীয়া নামৰ লোকজনৰ মৃতদেহ সুদূৰ গুজৰাটৰ আহমেদাবাদৰ বাগদাৰাৰ এটা জাবৰৰ দমত উলংগ অৱস্থাত ২৬ জুনৰ পুৱা উদ্ধাৰ হয়। দিলীপ কীৰ্তনীয়াৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে দিলীপ কীৰ্তনীয়া বিগত প্ৰায় ১২ বছৰৰ পূৰ্বে গুজৰাটত কৰ্মৰ বাবে গৈছিল আৰু এটা বেচৰকাৰী কোম্পানীত কৰ্মৰত হৈ থকাৰ পিছত প্রায় এবছৰ পূৰ্বে আহমেদাবাদৰ Genext Steel Ltdত যোগদান কৰি কৰ্মৰত হৈ আছিল। যোৱা ২৫ জুনৰ মাজনিশা ১২ বজালৈকে দিলীপ কীৰ্তনীয়াই ফোনত হোজাইস্থিত নিজৰ পৰিয়ালৰ লোকৰ লগত কথা পাতে যদিও পুৱা দিলীপৰ মৃতদেহ এটা জাবৰৰ দমত পৰি থকা বুলি গুজৰাটৰ পৰা ফোন পাই পৰিয়ালৰ লোক হতবাক হৈ পৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, অহা দুই জুলাই লোকজন ঘৰলৈ উভতি অহাৰ বাবে টিকেট ক্ৰয় কৰিছিল আৰু কৰ্মৰত হৈ থকা কোম্পানীৰ পৰা কেইবা মাহৰ দৰমহা পৰহি দিনৰ ভাগত দিলিপে লাভ কৰা বুলি পৰিয়ালৰ লোকক ফোনযোগে জনাইছিল। পৰিয়ালৰ লোক দিলিপৰ মৃতদেহ হোজাই লৈ আনিবলৈ ইতিমধ্যে গুজৰাটলৈ ৰাওনা হৈছে যদিও মৃতদেহ বৰ্তমান লৈকে হোজাই আহি পোৱা নাই । এই লৈ হোজাইত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like