নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা টাউন হাইস্কুলত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ মাৰ্ঘেৰিটা টাউন হাইস্কুলত আজিৰে পৰা ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয়। কাৰ্য্যসূচীৰ অনুসৰি পুৱা স্মৃতি তৰ্পণ কৰে ম’লুঙ কনক হাটি বৰুৱাই , খ্ৰীংফা উত্তোলন কৰে টাই ভাষা পৰিচালনা সমিতিৰ সভাপতি মান চাও প্ৰণৱ গগৈয়ে । ইয়াৰ পাছতেই টাই ভাষা পাঠদান কাৰ্য্যসূচীৰ শুভ উদ্ধোধন কৰে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি মানচাও পলাশ ৰাজকুমাৰ আহোমে। ডাম চাও গিৰিন মহুং বৰুৱাৰ প্ৰতিচ্ছবি মাল্যআৰ্পন কৰে মানচাও কৃষ্ণ কুমাৰ শইকীয়াই। টাই ভাষা পাঠদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কাকপথাৰ পৰা অহা মুখ্য আলোচক মানচাও অমৰ দুৱৰাই বক্তব্য প্ৰদান কৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁ‌ত ধৰে টাই ভাষা পৰিচালনা সমিতিৰ সম্পাদক চাও ৰুবুল ফুকনে। অন্যহাতে এই উপলক্ষ্য অনুষ্ঠিত মুকলি সভাৰ পৌৰহিত্য কৰে চাও পনৱ গগৈয়ে। আজি কাৰ্য্যসূচীত শতাধিক গণ্যমান্য ব্যক্তি তথা প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে। অন্যহাতে টাই ভাষা প্ৰশিক্ষণ বাবে ইচ্ছুক সকলে টাউন হাইস্কুলত দিনৰ ১ বজাত যোগাযোগ কৰিব পাৰিব।
প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like