নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভক্তিপ্ৰাণ লোকৰ সমাগমেৰে বগৰীবাৰীৰ আটানীত জগন্নাথৰ ৰথ যাত্ৰা

নিয়মীয়া বাৰ্তা, ১জুলাই : বগৰীবাৰীৰ আটানীত আজি সনাতনী হিন্দু ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ তিথি উপলক্ষে অঞ্চলটোৰ ধৰ্মানুৰাগী ৰাইজৰ উদ্যোগত জগন্নাথ দেৱৰ ৰথ যাত্ৰাৰ বিশেষ পূজা আৰু ৰথ যাত্ৰা অনুষ্ঠিত হয় । এই উপলক্ষে অঞ্চলটোত ধৰ্মানুৰাগী ৰাইজে পুৱাৰে পৰা বিশেষ ৰীতি নীতিৰ মাজেদি ভগবান জগন্নাথ দেবৰ পূজা অনুষ্ঠিত হয়। পিছত লোক বিশ্বাস অনুসৰি আটানী অঞ্চলৰ শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত  ভগবান জগন্নাথ দেবৰ ৰথ ভক্তপ্ৰাণ ৰাইজে ৰচিৰে টানি অঞ্চলটোৰ বিভিন্ন পথসমুহ পৰিক্ৰমা কৰে। এই ৰথ যাত্ৰাৰ  পৰম্পৰাগত বিশ্বাস অনুসৰি ভগবান জগন্নাথ দেবৰ ৰথত জগন্নাথ দেব, বলৰাম আৰু সুভদ্ৰাৰ প্ৰতিকী মূৰ্ত্তি নিৰ্মিত কৰি উক্ত  ৰথত স্থাপন কৰি এই কাৰ্যসূচী অনুষ্ঠিত হয়।  অঞ্চলটোৰ ৰাইজে কীৰ্ত্তন আৰু উৰুলিৰ মাজেদি বিভিন্ন পথ পৰিক্ৰমা কৰি  উক্ত ৰথখন এটা প্ৰান্তৰ ৰখা হয় । এই ৰথ যাত্ৰা পূজাৰ পৰম্পৰা অনুসৰি ন দিন মূৰত উভতনি ৰথ যাত্ৰা অনুষ্ঠিত হব জানিব পৰা গৈছে। ঠিক সেইদৰে সাপটগ্ৰামৰ লীলানন্দ স্বামীৰ আশ্ৰমত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভগবান জগন্নাথ দেবৰ ৰথ পূজা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত  অনুষ্ঠিত হয়। লগতে বিলাসীপাৰা চহৰত থকা শ্ৰী শ্ৰী  ৰাধা মদন গোপাল বিগ্ৰহ আখাৰা প্ৰংগনত ভগবান জগন্নাথ দেবৰ ৰথ যাত্ৰা অনুষ্ঠিত হয় । এই উপলক্ষে  আজিৰ পৰা ৯ জুলাই লৈকে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব পৰিচালনা সমিতিৰ সম্পাদক জগন্নাথ সাহাই জানিবলৈ দিয়ে । তদুপৰি ৬ জুলাই তাৰিখে সাৰেগামাপা খ্যাত কীৰ্ত্তন  সম্ৰাজ্ঞী অদিতি মুন্সীয়ে ভজন আৰু কীৰ্ত্তন পৰিবেশত কৰিব বুলি জানিবলৈ দিয়ে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like