নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ জুলাইত ঈদ–উজ–জোহা

নিয়মীয়া বাৰ্তা, ২ জুলাই: সমগ্র দেশৰ লগতে অসমতো অহা ১০ জুলাইত ইছলাম ধর্মাৱলম্বীসকলে পালন কৰিব ঈদ–উজ–জোহা৷ এই কথা এক বিবৃতিযোগে সদৰী কৰিছে কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদকপ্রধান আলহাজ ইমদাদ হুছেইনে৷ ইফালে, ঈদ–উজ–জোহাৰ কুর্বানীত গৰুৰ বিকল্প জন্তু ব্যৱহাৰ কৰিবলৈ অসম ৰাজ্যিক জমিয়ত উলেমাই আহ্বান জনাইছে৷ কাকতলৈ প্রেৰণ কৰা আন এক বিবৃতিত অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয়– ‘ঈদ–উজ–জোহা সমাগত৷ ইছলামিক কেলেণ্ডাৰৰ অন্তিমটো মাহ মুছলিম বিশ্বৰ বাবে অতিকৈ তাৎপর্যপূর্ণ৷ এই মাহত পৱিত্র হজ সমাপন কৰিবলৈ সমর্থৱান মুছলমানসকলে মক্কা–মদিনালৈ যাত্রা কৰে৷ হজৰ শেষ পর্যায়ত হাজীসকল আৰফাৰ ময়দানত সমৱেত হয় আৰু আৰফাৰ পিছদিনা ত্যাগৰ প্রতীক কুর্বানী আদায় কৰে৷

কুর্বানী সমর্থৱান মুছলমানৰ বাবে অৱশ্যে পালনীয় কর্তব্য আৰু এই কুর্বানীৰ বাবে উট, ছাগলী, গৰু, ম’হ, ভেৰা আদি জন্তু ব্যৱহাৰ কৰাৰ নিয়ম আছে৷ ভাৰত এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ দেশ৷ এই দেশৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী৷ সনাতন ধর্মত গৰু এবিধ পূজনীয় জন্তু৷ গাই গৰুক এই দেশৰ সংখ্যাগুৰু মানুহে মাতৃসম জ্ঞান কৰে৷ এই কথালৈ লক্ষ্য কৰি ২০০৮ চনত ভাৰতৰ সর্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে ঈদ–উজ–জোহাত পার্যমানে কুর্বানী পর্বত গৰু ব্যৱহাৰ নকৰাৰ বাবে এক ৰাজহুৱা আবেদন জনাইছিল৷ সেই আবেদনত কোৱা হৈছিল যে যিহেতু কুর্বানী গৰুৰে কৰিব লাগিবই বুলি কোনো বাধ্য–বাধকতা নাই আৰু যিহেতু গৰুৰ সৈতে এই দেশৰ সংখ্যাগুৰু মানুহৰ ধর্মীয় আৱেগ জড়িত, সেয়ে কুর্বানীৰ ঈদত বিকল্প জন্তুৰ ব্যৱহাৰ আদৰণীয়৷ সেয়ে সমাগত কুর্বানীৰ ঈদত যি জন্তু ব্যৱহাৰ কৰিলে আমাৰ পৱিত্র ধর্মীয় কর্তব্য আদায় হয় আৰু কাৰো অনুভূতিত আঘাত নপৰে, তেনে জন্তু ব্যৱহাৰ কৰিবলৈ মই সবিনয়ে অনুৰোধ জনাইছোঁ৷

You might also like