১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটঃ অষ্ট্রেলিয়াক হৰুৱাই ছেমিফাইনেলত ভাৰত
নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ যশস্বী জয়ছোৱাল আৰু অথর্ব আনক’লেকাৰৰ দর্শনীয় বেটিং তথা কার্তিক ত্যাগী আৰু আকাশ সিঙৰ বিধ্বংসী বলিঙৰ সহায়ত ভাৰতে ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ দক্ষিণ আফ্রিকাৰ প’টছেফষ্ট্রুমত কালি অনুষ্ঠিত কোৱার্টাৰ ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে বিগত বর্ষৰ ৰানার্ছআপ অষ্ট্রেলিয়াক ৭৪ ৰানত পৰাস্ত কৰে৷
মেচখনত ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ২৩৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কার্তিক ত্যাগী আৰু আকাশ সিঙৰ বিধ্বংসী বলিঙৰ সন্মুখত অষ্ট্রেলিয়াই ৪৩.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয়৷ ছেম ফেনিঙে সর্বাধিক ৭৫ ৰান কৰে৷
ভাৰতৰ হৈ ত্যাগীয়ে চাৰিটা, আকাশে তিনিটা আৰু ৰবি বিষ্ণৈই এটা উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ যশস্বী জয়ছোৱালৰ দর্শনীয় ৬২ আৰু আনক’লেকাৰৰ দায়িত্বশীল অপৰাজিত ৫৫ ৰানৰ সহায়ত ভাৰতে নির্ধাৰিত ৫০ অভাৰত ৯ উইকেটত ২৩৩ ৰান কৰে৷ ৰবি বিষ্ণৈয়ে ৩০ আৰু সিদেশ বীৰে ২৫ ৰানৰ অৱদান আগবঢ়ায়৷ অ’পেনাৰ দিব্যাংশ ছাক্সেনাই ১৪, তিলক বার্মাই ২, অধিনায়ক প্রিয়ম গার্গে ৫ আৰু ধ্রুৱ জুৰেলে ১৫ ৰান কৰি বিদায় লয়৷
উল্লেখ্য যে ভাৰতে এটা সময়ত ১৪৪ ৰানতে ৬টাকৈ হেৰুৱাইছিল৷