নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ কৰেয়া পাহাৰত খনন কাৰ্য বন্ধৰ দাবীত আমছুৰ সংবাদ মেল : মুখ্যমন্ত্ৰী-বনমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ  বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা অন্তৰ্গত যোগীঘোপাৰ কৰেয়া পাহাৰত কিছুদিন ধৰি বহিৰাগত আৰ এছ বি আই নামৰ সংস্থাটোৱে চলাই থকা খননকাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে  সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ  আমছুয়ে।কৰেয়া পাহাৰত চলি থকা খননকাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি দুপৰীয়া  আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে যোগীঘোপাৰ এফ চি আই বজাৰত এক সংবাদমেলৰ আয়োজন কৰে ।সংগঠনটোৰ উত্তৰ শালমাৰা জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামে সংবাদমেল সম্বোধন কৰি কয় যে, যোগীঘোপাৰ কৰেয়া পাহাৰত বহিৰাগত কোম্পানী আৰ এছ বি আই নামৰ নিৰ্মাণকাৰি সংস্থাটোৱে দিনে-নিশাই অবৈধভাৱে খননকাৰ্য চলাই আহিছে ।বঙাইগাঁও জিলা আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী আৰু সামাজিক বনানীকৰণ বিভাগৰ বিষয়া সুবোধ তালুকদাৰ আৰু অভয়াপুৰীৰ আঞ্চলিক বন বিষয়া জয়ন্ত দাসৰ প্ৰত্যক্ষ ছত্ৰছায়াতে কৰেয়া পাহাৰত  বন ধ্বংসযজ্ঞ চলাই আহিছে বুলি সন্দেহ প্ৰকাশ  কৰে সংগঠনটোৱে । তেওঁ আৰু কয় যে ,পাহাৰখনত নিশা খননকাৰ্য চলাই থকা বুলি জিলা বন বিষয়া গৰাকীক ফোন যোগে অৱগত কৰায় যদিও বিষয়া গৰাকীয়ে পলায়ন কৰা মনোভাৱেৰে ফোন কাটি দি কোনো সহাৰি নিদিয়ে ।জিলা সভাপতি গৰাকীয়ে  আৰু কয় যে , আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে  যোৱা ১৫  জুলাইত খননস্থলীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে যোৱা ১৮ জুলাইত খননকাৰ্য বন্ধৰ দাবীত জিলা উপায়ুক্ত গৰাকীক সাক্ষাত কৰি চাৰিদফিয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু জিলা প্ৰশাসনে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।কৰেয়া পাহাৰত বহিৰাগত কোম্পানীয়ে চলাই থকা খননকাৰ্য বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হস্তক্ষেপৰ দাবী উত্থাপন কৰি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ।উক্ত সংবাদমেলত সংগঠনটোৰ জিলা সমিতিৰ উপসভাপতি আনোৱাৰ হুছেইন আৰু সম্পাদক খুৰছিদ আলমে চৰকাৰ তথা বন বিভাগক সমালোচনা কৰি কৰেয়া পাহাৰ খনন কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণভাৱে জগৰীয়া হব বুলি  হুংকাৰ দিয়ে সংগঠনটোৱে ।

#টিংকু চন্দ্ৰ দাস

You might also like