বিশেষ বাৰ্তা, ২২ জুলাই : সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অভিনন্দন অনুষ্ঠানৰ। চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকা অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে। চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে, সোণাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ ৰঞ্জন বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈ, সমাজকৰ্মী হেমন্ত কুমাৰ গদুকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে। অনুষ্ঠানত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ সোণাৰিৰ ১৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। সাংবাদিক অভিজিৎ ভূঞাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বৰা,সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক বিতুপন গগৈও উপস্থিত থাকে। সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশন কৰা সমৱেত সংগীতেৰে শুভাৰম্ভ অভিনন্দন অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক দেৱাশীষ বৰুৱাই। আনহাতে বিগত কেইবাবছৰ ধৰি সোণাৰি পৰীক্ষাকেন্দ্ৰৰপৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰা বঁটা এইবাৰ দুগৰাকী ছাত্ৰীক প্ৰদান কৰা হয়। প্ৰয়াত সিংহেশ্বৰ গগৈ সোঁৱৰণত দিপা গগৈ বুঢ়াগোহাঁই প্ৰদান কৰা এই বঁটা এইবাৰ লাভ কৰে সোণাৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰীদ্বয় নিহাৰিকা গোৱালা আৰু ওজাস্বিতা গগৈয়ে। আনহাতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষসমূহত প্ৰদান কৰা প্ৰয়াত ধৰণী চন্দ্ৰ ডেকা সোঁৱৰণী বঁটা এইবাৰ চেণ্ট যোছেফ স্কুলৰ ছাত্ৰ সৌৰভ দেৱক প্ৰদান কৰে ড° ঋষিকেষ কাশ্যপে। ইফালে প্ৰাক্তন ছাত্ৰ নেতা বিশ্বজিৎ গগৈ আৰু সমাজকৰ্মী মৃদুপৱন বড়াই বিগত বৰ্ষৰ দৰে এইবাৰো কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহায় আগবঢ়ায় অভিনন্দন অনুষ্ঠানৰ মঞ্চতে।
প্ৰেৰক : দীপাংকৰ পাল