নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসী বাহনত মানুহৰ পৰিৱৰ্তে চুৰি ছাগলীঃ ডিব্ৰুগড় মালিপট্টীত চকু কপালত উঠা ঘটনা

বিশেষ বাৰ্তা, ২৮জুলাইঃ এইবাৰ আকৌ ছাগলী উঠিলগৈ বিলাসী বাহনত।বিলাসী বাহন যেন মানু্হৰ বাবে নহয়, এইবাৰ বিলাসী বাহন ছাগলী বাবেহে ব্যৱহাৰ হল।ডিব্ৰুগড় চহৰৰ মালিপট্টীৰ পৰা এখন বিলাসী বাহনত ১৫টাকৈ চুৰি ছাগলী উদ্ধাৰক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ মালিপট্টীৰ পৰা ডিব্ৰুগড় সদৰ থানৰ আৰক্ষীয়ে বিলাসী বাহনত এটা দুটা নহয় পোন্ধৰটাকৈ চুৰি ছাগলী সহ এএচ ০৬ জি ২৫৬৫ নম্বৰৰ চেভ্ৰলেটৰ এখন বাহন আৰক্ষীয়ে জব্দ কৰাক লৈ সকলোৰে চকু কপালত তুলিছে।জানিব পৰা মতে ডিব্ৰুগড় সদৰ থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ চেত্ৰীসহ এটা আৰক্ষী দলে গোপন সূত্ৰৰ জৰিয়তে বিশেষ অভিযান চলাই চুৰি ছাগলী সহ এই বিশেষ বাহন খন জব্দ কৰিছে।উল্লেখ্য যে মালিপট্টীত পূৰ্বেও এনে ঘটনা বিশেষ মাফিয়া চক্ৰৰ জৰিয়তে সংঘটিত হৈ আহিছে।ইফালে আৰক্ষী অহা গম পাই চুৰি ছাগলীসহ বাহনখন এৰি পলায়ন কৰে।ৰহস্য জনকভাৱে আৰক্ষীয়ে জব্দ কৰা বাহন খনত ব্যৱহাৰ কৰা নম্বৰ প্লেট অন্য এখন বাহনৰ বুলিও জানিব পৰা গৈছে।ডিব্ৰুগড়ত পূৰ্বেও এইদৰে বাহনত অন্য গাড়ীৰ নম্বৰ লগাই ভিন্ন স্থানৰ পৰা ছাগলী কিছু বিশেষ মাফিয়াই চক্ৰই এই চুৰি কায সংঘটিত কৰি অহা বুলি প্ৰকাশ।

প্ৰেৰক বিভাস দুৱৰা

You might also like