শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত বৃক্ষৰোপন কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ– কৃষি বিজ্ঞান কেন্দ্ৰ, শোণিতপুৰৰ উদ্যোগত যোৱা ২৮ জুলাইত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানগত বৃক্ষৰোপণ কাৰ্যসূচী উদ্বোধন কৰা হয় । এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ চৌহদত এক আনুষ্ঠানিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ কৃষি সঞ্চালক দিলিপ গায়নে কাৰ্যালয় চৌহদত জনপ্ৰিয় তেজপুৰ লিচুৰ বোম্বাইয়া প্ৰকাৰৰ এটা গছপুলি ৰোপণ কৰি কাৰ্যসূচীটোৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ১৭ জুলাইত গুৱাহাটীৰ জনতা ভৱনত ৰাজ্যব্যাপী চিএমআইপিপি , অসম চৰকাৰৰ অধীনত ৮০,০০০ তকৈও অধিক প্ৰতিষ্ঠানিক চৌহদ সামৰি বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত এই কাৰ্যসূচী ১৫ আগষ্টলৈকে চলাই নিবলৈ আৰু পৰৱৰ্তী ৩ বছৰৰ বাবে প্ৰকল্পসমূহৰ যত্ন ল’বলৈ আৰু নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় লগতে সকলো প্ৰতিষ্ঠানক আজাদী কা অমৃত মহোৎসৱৰ সৈতে ৭৫ টা গছপুলি (অমৃত বৃ ক্ষ্) ৰোপণ কৰিবলৈ আৰু চিএমআইপিপিক অমৃত বৃক্ষ মহোৎসৱলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত, অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ চৌহদত মূল্যৱান ফল গছৰ গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীৰ সপোন সাৰ্থক কৰিবলৈ অসমৰ ২৩ খন জিলাত অৱস্থিত প্ৰতিখন কৃষি বিজ্ঞান কেন্দ্ৰত কাৰ্যসূচীটো পৰিচালনা কৰাৰ বাবে বিশেষ পদক্ষেপ আৰম্ভ কৰে ।শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুৰব্বী বিষয়া অংগনা শৰ্মাৰ সহযোগত বিশিষ্ট অতিথি কৃষি বিষয়া ঋতুৰাজ দেৱ, পঞ্চমিকা দত্ত, ড. মৃদুপৱন ডেকাৰ লগতে কৃষি অভিযন্তা ড. ৰোহিত নামদেও আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰীয়ে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । উপস্থিত বিশিষ্ট ব্যক্তি সকলে জনপ্ৰিয় লিচুকে ধৰি মধুৰিআম আৰু বিভিন্ন থলুৱা ফলৰ ৯৯ টা গছপুলি ৰোপণ কৰে। চিএমআইপিপি ৰ কেন্দ্ৰটোৰ সমন্বয়ক তথা মীন বিজ্ঞানৰ বিশেষজ্ঞ ড০ ৰঞ্জিত বৰদলৈয়ে বৃক্ষৰোপণ কাৰ্যসূচীটো সুচাৰু ৰূপে চলাই নিয়াত সহায় কৰে ।