বিশেষ বাৰ্তা, ২ আগষ্টঃ অঞ্চলটোৰ এচাম ভৱিষ্যত দ্ৰষ্টা শিক্ষানুৰাগী সমাজ হিতৈষীৰ নিৰলস পৰিকল্পনা তথা মানসিক আৰু কায়িক শ্ৰমৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ মাথোঁ ১৬ টা বছৰ পিছতেই বৃহত্তৰ নাহৰকটীয়া অঞ্চলত উদৰস্থ হৈছিল অঞ্চলটোৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষনুষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ে। চহৰখনৰ পৰা পূব দিশে নাহৰকটীয়া নামৰূপ সংযোগী পথত অৱস্থিত বাঘমৰা গেজিঙত ভূমিষ্ঠ হোৱা এই শিক্ষনুষ্ঠান খনে নানা ঘাট প্ৰতিঘাত, উত্থান পতন অতিক্ৰম কৰাৰ লগতে নিজৰ এই সুদীৰ্ঘ যাত্ৰাত জন্ম দিবলৈ সক্ষম হৈছিল বহু মেধাৱী ছাত্ৰ ছাত্ৰীৰ লগতে অসম তথা ভাৰতবর্ষৰ ভিতৰতে জিলিকি উঠা বহু ৰাজনৈতিক, সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰতিভা। মনকৰিবলগীয়া যে বৰ্তমান ভাৰত চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলিও আছিল এইখন মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ। এইদৰেই প্ৰতিটো বৰ্ষতে সফলতাৰ সেন্দুৰীয়া আলি গৰকি যোৱা নাহৰকটীয়া মহাবিদ্যালয়ে আজি ভৰি দিলেহি গৌৰৱপূৰ্ণ ৫৯ সংখ্যক বৰ্ষত। উল্লেখযোগ্য যে এই উপলক্ষে আজি মহাবিদ্যালয় খনে অনুষ্ঠুপিয়াকৈ আয়োজন কৰে প্ৰতিষ্ঠা দিৱস। মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰা তথা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ ধীৰাজ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানটোত প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় ৰ পতাকা উত্তোলন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষাবিদ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাৰ লগতে মহাবিদ্যালয় খনে অতিক্ৰম কৰা এই সুদীৰ্ঘ বৰ্ণিল যাত্ৰাত যিসকল মহান মনীষী, শিক্ষাবিদ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীয়ে অৰিহণা আগবঢ়াই গল তেওঁলোকৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে আগন্তুক দিন সমূহতো সকলোৰে অকুণ্ঠ সহায় সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিছে।