নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চম শ্রেণী উত্তীর্ণই নির্মাণ কৰিলে বিমান; ৰাজস্থানৰ বজৰংগীৰ অনন্য কৃতিত্ব

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বিমানবন্দৰলৈ গৈ বিমানৰ অৱতৰণ আৰু উৰণ প্রত্যক্ষ কৰাৰ ডাঙৰ সপোন আছিল কিশোৰজনৰ৷ ইয়াৰ বাবে জয়পুৰ আন্তর্জাতিক বিমানবন্দৰলৈ গৈ বিফল মনোৰথ লৈ ঘূৰি আহিবলগীয়া হৈছিল কিশোৰজনে৷ কাৰণ নিৰাপত্তাৰক্ষীয়ে বন্দৰত প্রৱেশৰ সুযোগ নিদিলে কিশোৰজনক৷ ইয়াৰ পাছতে মনত প্রচণ্ড আঘাত পোৱা কিশোৰজনে নিজেই বিমান নির্মাণৰ সংকল্প লয়৷ যৌৱন কালত নির্মাণ কৰি উলিয়ায় এখন বিমান৷ বর্তমানৰ এই যুৱকজনৰ নাম বজৰংগী ওৰফে ব্রিজমোহন৷ ৰাজস্থানৰ জয়পুৰৰ ৰাজলদেছৰৰ বাসিন্দা বজৰংগীয়ে মাত্র পঞ্চম শ্রেণীলৈ অধ্যয়ন কৰিছে৷ কিন্তু ৮ বছৰ ধৰি মগজু খটুৱাই নির্মাণ কৰি উলিয়াইছে ঘণ্টাত ৮০ কিলোমিটাৰ বেগেৰে উৰিব পৰা এখন বিমান৷

You might also like