নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইনৰ বিৰুদ্ধে মৰিগাঁৱত গণ ধৰ্ণা

বার্তা বুৰো, ৮ আগষ্টঃ অসম চৰকাৰৰ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭ ৰ বিৰুদ্ধে আৰু তিৱা সকলক ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আজি মৰিগাঁৱৰ বিহুতলিত সদৌ তিৱা ছাত্ৰ সন্থা,, তিৱা যুৱ ছাত্ৰ পৰিষদ,তিৱা সাহিত্য সভা মৰিগাঁৱ জিলা ছাত্ৰ সন্থা ,তিৱা সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থা, ঐতিহাসিক তিৱা ৰাজ দৰবাৰে এক বৃহৎ গণ ধৰ্ণা কায্যসূচী পালন কৰে। সংগঠন কেইটাই ৰাজধানী সম্প্ৰসাৰণ হলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যথেষ্ঠ ক্ষতি হব বুলি দাবী কৰিছে। অন্যহাতে জাগীৰোড কাগজ কলৰ ভূমি পূৰ্বতে ট্ৰাইবেল ৰাইজৰ ভূমি আছিল আৰু এই ভূমি তিৱা ৰাইজক ঘূৰাই দিব লাগে বুলি দাবী কৰিছে। আজি এই গণ ধৰ্না কাৰ্যসূচীত মধ্য অসমৰ সকলো জাতীয় সংগঠন একগোট হৈ মৰিগাঁও সদৰ বিহুতলী প্ৰাংগণত উত্তাল কৰি তোলে। এই ধৰ্না কাৰ্য্যসূচীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক প্ৰদান কৰিছে- তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত শীঘ্ৰে অন্তর্ভূক্ত কৰক। মূলত অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ তিৱা স্বায়ত্ত পৰিষদ আৰু সংৰক্ষিত খণ্ড বেষ্টনীৰ এলেকাৰ পৰা অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা ,কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদত বসবাস কৰা তিৱা সকলক আঞ্চলিক স্বায়ত্ত পৰিষদ প্ৰদান কৰা আদিৰ দাবীত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ। উক্ত প্ৰতিবাদী কায্যসূচীত উপস্থিত থাকে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচঙ,তিৱা সাহিত্য সভাৰ সভাপতি দ্বীপেন্দ্ৰ নাথ বৰদলৈ, তিৱা যুৱ ছাত্ৰ পৰিসদৰ সভাপতি কৃষ্ণ কোঁৱৰ, তিৱা সংস্কৃতিক সমাজৰ সভাপতি ফুকন কাৰখ, তিৱা ৰাজ দৰবাৰ ৰ সম্পাদক প্ৰশান্ত কোঁৱৰ, সদৌ তিৱা মহিলা সন্থাৰ সভানেত্ৰী জোনালী মিথি, সদৌ মৰিগাঁৱ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপ জ্যোতি মেধি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ সাধাৰণ সম্পাদক মিৰ্জা আৰীফ আলম, বীৰ লাচিত সেনাৰ সম্পাদক দ্বীপ মণি হীৰা, গোর্খা ছাত্ৰ সন্থাৰ সভাপতি পদম থাপা, মৰিগাঁৱ জিলা ট্ৰাই বেল সন্থাৰ সম্পাদক জিতেন চন্দ্ৰ পাতৰ, মৰিগাঁও জিলা ট্ৰাই বেল যূথ লীগৰ সম্পাদক পঞ্চম বৰদলৈ উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like