নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্যৰ লক্ষ্য ভেদঃ কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন যুৱ শ্বাটলাৰ লক্ষ্য সেনৰ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ কমনৱেলথ গেমছ ২০২২ৰ শেষৰ দিনটোত ভাৰতৰ ২০ সংখ্যক সোণৰ পদক অৰ্জন কৰিলে শ্বাটলাৰ লক্ষ্য সেনে। ব্ৰিটেইনৰ বিৰ্মিংহামত অনুষ্ঠিত পুৰুষৰ একক ফাইনেলত লক্ষ্য সেনে মালয়েছিয়াৰ টজে ইয়ঙক তিনিটা গেমৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে বিগত এটা বছৰ লক্ষ্য সেনে অতি সুন্দৰ প্ৰদৰ্শন কৰাৰ লগতে কেইবাটাও ইভেণ্টত পদক বুটলিবলৈ সক্ষম হৈছে। ২০২১ চনত বিশ্ব চেম্পিয়নশ্বিপৰ পুৰুষৰ একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লক্ষ্যই। একে সময়তে ইয়াৰ পিছত লক্ষ্যই থমাছ কাপত পুৰুষ দলৰ সৈতে সোণৰ পদক লাভ কৰে। বাৰ্মিংহাম কমনৱেলথ গেমছত লক্ষ্যই পুৰুষৰ একক শাখাত স্বৰ্ণ আৰু মিক্সড দলত ৰূপৰ পদক অৰ্জন কৰে।

You might also like