ক’ৰোনা ভাইৰাছঃ এমাহতকৈ কম সময়ত নিৰ্মাণ কৰিব বিশেষ হাস্পতাল
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছক লৈ এতিয়া তৎপৰ হৈ পৰিছে চীন চৰকাৰ । দিন-ৰাতি একাকাৰ কৰি এতিয়া নিৰ্মাণ কৰি থকা হৈছে এখন বিশেষ হাস্পতাল । এই মাৰাত্মক ভাইৰাছৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা এই হাস্পতালখন হ’ব এহাজাৰ বিচনাযুক্ত । ছয় একৰ ভূমিত দিন-ৰাতি একাকাৰ কৰি বিগত এটা সপ্তাহে নিৰ্মাণ কৰি থকা হাস্পতালখন ১৩ ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে ।
ক’ৰোনা ভাইৰাছৰ বাবে কেৱল এখন হাস্পতাল নিৰ্মাণ কৰিয়েই ক্ষান্ত হোৱা নাই চীন চৰকাৰ । হোবে আৰু হেনান প্ৰান্তত তিনিখন অস্থায়ী হাস্পতালো নিৰ্মাণ কৰি আছে চৰকাৰে । ইফালে, উহান প্ৰদেশত ১৫০০ বিচনাযুক্ত এখন দ্বিতীয় হাস্পতাল নিৰ্মাণ কৰি থকা হৈছে । এই হাস্পতালখনত চিকিৎসক আৰু কৰ্মীসহ প্ৰায় ২ হাজাৰ লোকক নিয়োগ কৰা হ’ব ।
উল্লেখ্য যে, এই দুয়োখন হাস্পতালৰ নাম বিশেষ দেৱীৰ নামত ৰাখিছে চীন চৰকাৰে । প্ৰথমখন হাস্পতালৰ নাম অগ্নি দেৱী অৰ্থাৎ হোয়োচেনছ্যান (চীনা ভাষা) আৰু দ্বিতীয়খন হাস্পতাল লেইচানচান (চীনা ভাষা) অৰ্থাৎ বজ্ৰৰ দেৱী ।