নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২–২৩ শিক্ষাবৰ্ষৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব এমবিবিএছৰ পাঠ্যক্ৰম

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ বাবে আহিছে এক বিশেষ সুখৱৰ। ২০২২–২৩ শিক্ষাবৰ্ষৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব এমবিবিএছৰ পাঠ্যক্ৰম। ধুবুৰীৰ ঝগৰাৰপাৰৰ নৱনিৰ্মিত এই চিকিৎসা মহাবিদ্যালয়খনত ১০০ আসনৰ এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। এই মৰ্মে যোৱাকালি আয়োগে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ (Dean) অংকুমণি শইকীয়ালৈ এখন পত্ৰ প্ৰ্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এয়া নিজৰ ফেচবুক আৰু টুইটাৰ যোগে ৰাজ্যবাসীক জনাইছে। ইপিনে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধীনত চিকিৎসা মূল্যায়ন আৰু ৰেটিং ব’ৰ্ডৰ অনুমোদন লাভ কৰাৰ ঘটনাই পশ্চিম অসমৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা প্রত্যাশীসকলক লাভান্বিত কৰাটো নিশ্চিত বুলিয়েই ধাৰণা কৰা হৈছে। সমান্তৰালকৈ বৃহত্তৰ এই অঞ্চলটোৰ উপৰিও চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰো সৰ্বসাধাৰণ ৰাইজক উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও আশা কৰা হৈছে। উল্লেখ্য যে, বিগত ১ জুনৰ পৰা এই চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদতে থকা ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ বহিঃবিভাগ আৰম্ভ হৈছে। সিদিনা অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে মুকলি কৰিছিল হাস্পাতালখনৰ ১১টা বিভাগৰ সেই বহিঃবিভাগ। আনহাতে, বিগত ২৮ এপ্ৰিলৰ দিনা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পিছপিনে নিৰ্মাণ হ’বলগীয়া এটি অত্যাধুনিক কৰ্কট চিকিৎসালয়ৰো ভাৰ্চুৱেল পদ্ধতিৰে আধাৰশিলা স্থাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৫০ বিঘা মাটিত ‘টাটা ট্ৰাষ্ট’ৰ সহযোগত  নিৰ্মাণ কৰা হ’ব সেই অত্যাধুনিক ধুবুৰী কৰ্কট চিকিৎসালয়খন। নিৰ্মাণ হৈ উঠাৰ পিছত ধুবুৰীৰ কৰ্কট চিকিৎসালয়খনেও ধুবুৰী জিলাসহ পশ্চিম অসমৰ এক বৃহত্তৰ অঞ্চলকে ধৰি চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰো কৰ্কট ৰোগীসকলকো সকাহ প্ৰদান কৰাটোও প্ৰায় নিশ্চিত।

You might also like