নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো চুক্তিৰ দফাসমূহ ৰূপায়ন হ’লেই আপোনাআপুনি হ’ব পৃথক বড়োলেণ্ডঃ হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক মন্তব্য

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বড়ো শান্তি চুক্তিক লৈ BTRত আনন্দ উল্লাস চলি থকাৰ সয়মতে পুনৰ বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বড়ো শান্তি চুক্তিৰ দফা সমূহ ৰূপায়িত হ’লেই আপোনাআপুনি পৃথক ৰাজ্যলৈ পৰিণত হ’ব বড়োভূমি। কোকৰাঝাৰৰ পাটগাঁৱত মূলসুঁতিলৈ উভটি অহা NDFBৰ নেতৃবৰ্গক আদৰণি জনাবলৈ আয়োজন কৰা এখন সভাত এই মন্তব্য মহিলাৰীৰ।

           আনহাতে বড়ো চুক্তি দিনটো সমগ্ৰ বড়োসকলৰ বাবে ঐতিহাসিক দিন বুলি মন্তব্য কৰি NDFBৰ নেতা  বি ফেৰেংগাই কয় যে এতিয়া আমি ৰাইজৰ লগত থাকি কাম কৰি যাম। ৭ ফেব্ৰুৱাৰীৰ দিনাও প্ৰায় ২৮০০ৰো অধিক NDFBৰ কেডাৰে অস্ত্ৰ সম্বৰণ কৰিব।