অসমআঞ্চলিক পৱিত্র ভাদ মাহ By নিয়মীয়া বাৰ্তা On Aug 19, 2022 Share শৰতৰ কোমল–মিঠা পৰশ এটা অনুভূত হ’বলৈ ধৰিছে৷ দিনৰ প্রখৰ ৰ’দ, প্রচণ্ড গৰমৰ পিছত নিশাৰ নির্মেঘ আকাশৰ তলত যিসকলে বহি চৌদিশৰ পৃথিৱীখনক উপলব্ধি কৰিবলৈ চেষ্টা চলাইছে, তেওঁলোকৰ দেহ আৰু মন পুলকিত কৰি অনুভৱত শৰতে মৃদুকৈ টোকৰ এটা মাৰিছে৷ এনেহেন সময়তে অসমৰ জাতীয় জীৱনত ভাদ মাহ আহি উপস্থিত হৈছে৷ অসমীয়া কেলেণ্ডাৰত ভাদ মাহৰ স্থান পঞ্চমত৷ ভূমিকা, তাৎপর্য, গুৰুত্ব শীর্ষত৷ অসমৰ বৈষ্ণৱ ধর্মাৱলম্বীৰ বাবে ভাদ মাহটো পৱিত্র মাহ৷ মাহটো নামঘৰ–সত্র আদি উপাসনাস্থলী হৰিনামৰ ধ্বনিৰে মুখৰ হৈ থাকে৷ মাহটো নিজৰ তথা সমাজ আৰু ৰাষ্ট্রৰ কুশল–মংগল প্রার্থনা হৈ থাকে৷ মাহ–প্রসাদ, শৰাই আগবঢ়াই নেদেখাজনৰ আশিস প্রার্থনা কৰে৷ মাহটোৰ তাৎপর্য হ’ল, এইটো মাহতে অসমৰ জাতীয় জীৱনৰ দুই মহান খনিকৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিথি৷ এই দুগৰাকী মহান ব্যক্তিৰ মানৱ সভ্যতা আৰু অসমৰ জাতীয় জীৱনলৈ থকা অৰিহণা অতুল্য৷ তদুপৰি, ভাদতে শ্রীকৃষ্ণৰ জন্ম হৈছিল৷ শ্রীকৃষ্ণ ভাৰতীয় সভ্যতা–সংস্কৃতিৰ ঘাইখুঁটা৷ শ্রীকৃষ্ণক বাদ সনাতনী সংস্কৃতি তথা ভাৰতৰ ঐতিহ্য, কলা–কৃষ্টি, বৈভৱ আদিৰ কথা কল্পনাই কৰিব নোৱাৰি৷ তদুপৰি, এইটো মাহতে মহাপুৰুষ হৰিদেৱৰ জন্ম হৈছিল৷ তেওঁলোক সকলো মানৱ জীৱনৰ কল্যাণ আৰু প্রগতিৰ অর্থে উছর্গিত মহান জীৱন৷ মহান ব্যক্তিত্ব৷ পৱিত্র ভাদৰ সৈতে নামধর্মৰ উপৰি অসমীয়া চহা জীৱনৰ বহুতো দিশ সাঙোৰ খাই আছে৷ ইয়াৰ সৈতে সংস্কৃতিৰো এৰাব নোৱৰা সম্পর্ক আছে৷ কৃষকৰ সম্পর্কও অভিন্ন৷ ভাদ মাহে অসমৰ চহা সমাজখনক আধ্যাত্মিকভাৱে একত্র কৰাৰ বিৰল সুযোগ দিয়ে৷ এই সময়ছোৱাত কৃষকে কৃষিকার্যৰ পৰা কিছু আহৰি লাভ কৰে৷ শাওণৰ পথাৰ সেউজীয়া কঠীয়াৰে পৰিপূর্ণ হৈ পৰে৷ আহৰিৰ এই সময়ছোৱাত চহা সমাজখনে নিজৰ নিজৰ গাঁওখনত থকা সত্র–নামঘৰলৈ আধ্যাত্মিক চিন্তা–চর্চাৰ বাবে সমৱেত হয়৷ আধ্যাত্মিক চিন্তা–চর্চাৰ বাবে এইদৰে উছর্গিত মাহ এটা বিশ্বৰ সকলোতে পোৱা নাযায়৷ এইখিনিতে অসম অনন্য আৰু অনবদ্য৷ ভাদ মাহটোত অসমৰ চৌদিশে সিঁচৰতি হৈ থকা নামঘৰ, সত্র আদি হৰিনামৰ ধবনিৰে মুখৰ হৈ থাকে৷ ব্যস্ততাপূর্ণ প্রাত্যহিক জীৱনৰ মাজৰ পৰা সত্র আৰু সত্রীয়া কলা–কৃষ্টিত বিশ্বাসী লোকে সময় উলিয়াই খন্তেকৰ বাবে হ’লেও সত্র–নামঘৰলৈ পাক এটা মাৰিবই৷ তালৈ গৈ হৰিনামৰ সৈতে নিজকে বিলীন কৰিবই৷ লগতে গুৰু দুজনাৰ জীৱন আৰু কৃতিত্ব তথা মানৱ সমাজত দুয়োগৰাকী মহান ব্যক্তিৰ অৰিহণা সম্পর্কে চর্চা কৰিব৷ এই আধ্যাত্মিক চিন্তাৰ ভেটিত জীৱনটোক আগুৱাই নিয়াৰ চেষ্টা চলাব৷ পৱিত্র ভাদৰ সৈতে অসমীয়া জীৱনৰ লোকাচাৰ, পৰম্পৰা, বিশ্বাস আদিৰো সম্পর্ক গভীৰ৷ একবিংশ শতিকাত তাৰে কিছু কিছুৰ গ্রহণযোগ্যতা, বিশ্বাসযোগ্যতা তথা যুক্তিযুক্ততা সন্দর্ভত প্রশ্ণ উত্থাপন হ’ব পাৰে৷ সেইটো সুকীয়া প্রসংগ৷ কিন্তু ভাদ মাহৰ সৈতে অসমৰ বিশেষকৈ চহা জীৱনৰ বিশ্বাস আৰু পৰম্পৰাৰ এৰাব নোৱৰা সম্পর্ক আছে৷ পৌৰাণিক আখ্যান অনুসৰি, ভাদৰ শুক্লা নৱমীত মহামুনি শুকদেৱে শাপগ্রস্ত পৰীক্ষিতক সাত দিন আৰু সাত ৰাতি একেৰাহে ভাগৱত শুনাইছিল৷ সেয়ে এই মাহটোত নাম–প্রসংগ, কীর্তন আদি কৰা হয়৷ গোটেই মাহ ধৰি ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তিৰসৰ অমিয়া নৈ বয়৷ লোকাচাৰ মতে, এইটো মাহত জন্ম হোৱা জাতক তেজস্বী, ধনৱান হয়৷ ভাদত ক’লা ৰঙৰ গৰুৱে পোৱালি জন্ম দিলে অশুভ বুলি ধৰা হয়৷ সেই গৰুৰ গাখীৰ কোনো শুভ কামত ব্যৱহাৰ কৰা নহয়৷ আনকি অনেকে ভাদত বিয়া–বাৰুও নাপাতে৷ কলগছ ৰোপণ নকৰে৷ মাহটোত সৰিয়হ বটা, ওলকচু খায়৷ ঔটেঙাৰ জোল মাজৰ সৈতে খায়৷ তদুপৰি ভাদৰ প্রখৰ ৰ’দত বাকচৰ পৰা কাপোৰ উলিয়াই ৰ’দত দিয়াটো এটা নিয়ম৷ ভাদত অসমৰ কৃষ্টি–সংস্কৃতিৰ চর্চা অনন্য স্তৰত উপনীত হয়৷ নাম–প্রসংগৰ সৈতে নামঘৰে নামঘৰে গোটেই মাহটো ভাওনাৰ অনুশীলন, পৰিৱেশন হয়৷ এক কথাত ক’বলৈ হ’লে ভাওনা সংস্কৃতিৰ বাবে ভাদ মাহটো হৈছে উৎকর্ষ সাধনৰ মাহ৷ ইয়ে শংকৰী সংস্কৃতিৰ চর্চা আৰু বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ মানুহৰ বিশ্বাস আৰু আস্থাৰ জগতখনকো বিশেষ ধৰণে সমৃদ্ধ কৰে৷ ভাওনাক জনা আৰু বুজাৰ বাবে ভাদ মাহটোৱে এটা বিৰল সুযোগ দিয়ে৷ যিয়েই নহওক, পৱিত্র ভাদ মাহটো অসমীয়া জাতীয় জীৱনৰ এটা মহত্ত্বপূর্ণ মাহ৷ ই এনে এটা মাহ, যাৰ প্রতিটো দিন আৰু প্রতিটো ক্ষণ মানৱৰ কল্যাণ প্রার্থনাৰ অর্থে উছর্গিত হৈ থাকে৷ মানুহে নিজৰ লগতে সমাজ আৰু দেশখনৰ মংগল কামনা কৰি নামঘৰ–সত্র বা উপাসনাস্থলীলৈ যায়৷ সৰল কথাত ক’বলৈ গ’লে ভাদ মাহটোৱে মানুহৰ সত্তাৰ পৰিধি ইমানেই বিস্তৃত আৰু বিশাল কৰি দিয়ে যে মানুহৰ প্রার্থনাবোৰ নিজৰ ক্ষুদ্র পৰিধিতে সীমাবদ্ধ নাথাকি মানৱ কল্যাণৰ পৰিধি স্পর্শ কৰে৷ সেই বাবে অসমৰ জাতীয় জীৱনত ভাদ কেৱল এটা মাহেই নহয়৷ মানৱৰ কল্যাণ প্রার্থনাৰ বাবে উছর্গিত মাহ৷ গুৰু দুজনা আৰু শ্রীকৃষ্ণৰ আদর্শেৰে মহীয়ান এই মাহটোত অসমৰ জাতীয় জীৱনে এখন নতুন জগতত প্রৱেশ কৰে৷ Share