গভীৰ নিদ্রাত যাত্রীবাহী বিমানৰ দুই পাইলট; দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল বিমান
নিয়মীয়া বাৰ্তা,২০ আগষ্ট: বিমানত মাজ আকাশতে পাইলট শুই পৰা ঘটনাৰ পিছত ভয়াৱহ এক দুর্ঘটনাৰ মুখৰ পৰা কথমপি ৰক্ষা পৰিছে ইথি’পিয়ান এয়াৰলাইনছৰ এখন বিমান৷ উল্লেখনীয় যে ছুডানৰ ৰাজধানী খার্টুমৰ পৰা ইথি’পিয়াৰ আদিছ আবাবা অভিমুখে গৈ থকা বিমানখন ৩৭ হাজাৰ ফুট উচ্চতাত থকা সময়ত দুয়োগৰাকী পাইলট গভীৰ নিদ্রাত পৰিছিল৷ বন্দৰৰ ওপৰেৰে বিমানখনে কেইবাটাও পাক মাৰিছিল যদিও এটিচিৰ তৰফৰ পৰা পাইলটৰ সৈতে কোনোধৰণৰ যোগাযোগ স্থাপন কৰা সম্ভৱ নহ’ল৷ ২৫বাৰ ধৰি চেষ্টা চলোৱাৰ পিছত পাইলটৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হয় এটিচিৰ বিষয়া৷ বহু যাত্রী কঢ়িয়াই অহা এই বিমানখনৰ দুয়োগৰাকী পাইলটৰ সৈতে যোগাযোগ স্থাপনত আৰু কিছু সময় বিলম্ব হ’লেই বিমানখন ভয়াৱহ দুর্ঘটনাৰ সন্মুখীন হ’লহেঁতেন৷ এই ঘটনাই এতিয়া আন্তর্জাতিক সংবাদ মাধ্যমত সৃষ্টি কৰিছে শিহৰণ৷