নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপানৰ প্রতি তৰুণ প্রজন্মৰ অনীহা; উদ্বিগ্ন জাপান

নিয়মীয়া বাৰ্তা,২০ আগষ্ট:  দেশৰ তৰুণ প্রজন্মৰ মাজত সুৰাপানৰ পৰিমাণ যথেষ্ট হ্রাস পাইছে৷ তাক লৈ উদ্বিগ্ণ হৈ পৰিছে জাপান চৰকাৰ৷ জাপানৰ বিভিন্ন সমীক্ষাত দেখিবলৈ পোৱা গৈছে যে ক’ৰোনা মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ পৰাই দেশখনত তৰুণসকলৰ মাজত মদ্যপান হ্রাস পাইছে৷ বহু তৰুণে সুৰাপান কৰিবলৈ বাদ দিছে ক’ৰোনা মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা৷ বর্তমান ক’ৰোনাৰ সেই বিভীষিকাময় পৰিস্থিতি নাই যদিও সুৰাৰ বিক্রী বৃদ্ধি পোৱা নাই জাপানত৷ স্মর্তব্য যে পূর্বৰে পৰা সুৰা বিক্রী কৰি বৃহৎ পৰিমাণৰ ৰাজহ আদায় কৰিবলৈ সক্ষম হৈছিল জাপান চৰকাৰে৷ তৰুণ প্রজন্মৰ মাজত সুৰাৰ প্রতি অনীহা সৃষ্টি হোৱাৰ ফলত ৰাজহ ঘাটি আৰম্ভ হৈছে দেশখনত৷ বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি জাপান চৰকাৰ সেইবাবে এতিয়া যথেষ্ট চিন্তিত৷ ইয়াক লৈ নতুন উপায় উদ্ভাৱন কৰাত ব্যস্ত হৈ পৰিছে চৰকাৰ৷ তৰুণসকলক অধিক সুৰাপানৰ বাবে উৎসাহিত কৰিবলৈ বিভিন্ন প্রতিযোগিতাও আৰম্ভ কৰিছে চৰকাৰে৷ জাপানৰ ‘নেচনেল টেক্স এজেন্সী’ৰ তত্ত্বাৱধানত ‘ছেক ভাইভা’ নামৰ এটা প্রচাৰ অভিযান আৰম্ভ কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে তৰুণসকলৰ মাজত সুৰাপানৰ চাহিদা বৃদ্ধি কৰা৷ ইয়াৰ উপৰি তৰুণসকলক সুৰাৰ প্রতি আকৃষ্ঠ কৰিবলৈ যিসকলে উন্নত উপায় দিবলৈ সক্ষম হ’ব তেওঁলোকক পুৰস্কৃত কৰিব চৰকাৰে৷

You might also like