নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ শ্ৰীশ্ৰীফুলনি থানত স্থায়ী গুৰু আসন প্ৰতিষ্ঠা; ‘ভোজন বেহাৰ’ মঞ্চস্থ শিশু-চেমনীয়া শিল্পীৰ  

ভকত-বৈষ্ণৱৰ সমাগমেৰে উদুল-মুদুলি পৰিবেশ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট ঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীফুলনি থানৰ মেৰমাতি আৰু পুনৰ নিৰ্মাণৰ পিছত নতুনকৈ নিৰ্মাণ কৰা স্থায়ী গুৰু আসনভাগ যোৱা ২৩ আগষ্টত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰাৰ উপলক্ষে থানৰ চৌপাশৰ পৰিবেশ উদুলি-মুদুলি হৈ পৰে৷ এই উদ্দেশ্যে পুৱা ঊষা কীৰ্তন, নতুনকৈ স্থানী বেলগুৰি গাঁৱৰ শিল্পী যজ্ঞোৰাম বৰুৱাৰ হাতৰ স্পৰ্শৰে নিৰ্মিত গুৰুআসনভাগ প্ৰতিষ্ঠা কৰে শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীয়ে মুখ্য গুৰু আসন প্ৰতিষ্ঠাপক হিচাপে আৰু নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামী, শ্ৰীশ্ৰী বদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপজ্যোতি মহন্তই সহযোগিতা আগবঢ়ায়৷ ইয়াৰ পিছতে ধূৱাহাট বেলগুৰি সত্ৰ, বদলা পদ্ম আতা সত্ৰ, শক্ৰাহী সত্ৰৰ ভকতসকলৰ উপৰি বিভিন্ন প্ৰান্তৰপৰা মনৰ অভিপ্সা সিদ্ধিৰ অৰ্থে শৰাই আগবঢ়োৱা সমবেত হোৱা ভকত-প্ৰাণ-বৈষ্ণৱৰ সহযোগিতাত সত্ৰৰ ভকতসকল উপস্থিত থকা উক্ত অনুষ্ঠানত  বদলা সত্ৰৰ বুঢ়াভকত ৰূপৰাম বুঢ়াভকতে নাম-প্ৰসংগ কৰে৷ ইয়াৰ পিছতে প্ৰসাদ বিতৰণ আৰু ভোগ বিতৰণ কৰা হয়৷ উক্ত অনুষ্ঠানত কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই পাঠ আগবঢ়ায়৷ বদলা পদ্ম আতা সত্ৰৰ বৰবায়ন দাদু দত্তৰ পৰিচালনাত শিশু আৰু চেমনীয়া শিল্পীসকলে মাধৱদেৱ গুৰুজনাৰ বিৰচিত অংকীয়া ভাওনা ‘ভোজন বেহাৰ’ সফলভাৱে মঞ্চস্থ কৰে৷ উক্ত অনুষ্ঠানৰ পিছতে থানখনি উন্নয়নৰ ক্ষেত্ৰত আৰ্থিক-কায়িকভাৱে সকলো দিশতে সহযোগিতা আগবঢ়োৱা বিশিষ্ট ব্যক্তি তথা অৱসৰী অধ্যক্ষ গিৰীশ ভূঞা, নাৰায়ণপুৰ পৌৰ সভাৰ পৌৰপতি হৰিশ চন্দক, বিশিষ্ট সমাজকৰ্মী কমলানন্দ দত্ত, যুৱ ব্যৱসায়ী মনোজ বৰা, দীপক বৰা, উৎপল শইকীয়া, ভাৰতী হাজৰিকা, নামঘৰীয়া যজ্ঞেশ্বৰ শইকীয়া, হস্তশিল্পী যজ্ঞোৰাম বৰুৱা, অসীম কুমাৰ দত্ত, প্ৰফুল্ল দত্ত, নাৰায়ণপুৰ আৰু ফুলনি থানৰ দুয়োটা খেলৰ সভাপতি-সম্পাদককে ধৰি মুঠ ৩১ গৰাকী বিশিষ্ট সমাজকৰ্মী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠান সফল ৰূপায়ণত সহায়-সহযোগিতা আগবঢ়োৱা সকলোকে থান পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কুমাৰ শইকীয়া আৰু সম্পাদক নিৰঞ্জন বৰুৱাই ধন্যবাদ জ্ঞাপন কৰে৷

You might also like